
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ৰাজ্য চৰকাৰে এচিএছ বিষয়া পূৰৱী কোঁৱৰক নলবাৰী জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিছে।উল্লেখ্য যে পূৰৱী কোঁৱৰ ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত আছিল।এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে প্ৰকাশ কৰা এটা অধিসুচনা অনুসৰি নলবাৰী জিলাৰ বৰ্তমানৰ উপায়ুক্ত ভাৰত ভুষণ দেৱ চৌধুৰীক নলবাৰীৰ উপায়ুক্ত হিচাপে দায়িত্বৰ পৰা অব্যাহতি দিয়া হয়।দেৱচৌধুৰী নলবাৰীৰ উপায়ুক্তৰ লগতে সাধাৰণ প্ৰশাসন বিভাগৰ সচিবৰ দায়িত্বত আছে।
- Log in to post comments
- 1171 views