
বিমুদ্ৰাকৰণৰ পদক্ষেপ যে এক ভয়ংকৰ ভুল সিদ্ধান্ত আছিল সেই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈ পৰাৰ পিছত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ চৰম শ’লঠেকত পৰিছে ৷
ইতিমধ্যে এই বিমুদ্ৰাকৰণ ইছ্যুক লৈ বিৰোধী দলবোৰে সংসদৰ পৰৱৰ্তী অধিবেশনত চৰকাৰক তীব্ৰ আক্ৰমণ কৰিবলৈ বিৰোধী দলবোৰ এতিয়াৰে পৰাই সাজু হৈ পৰিছে ৷ বিশেষকৈ বিজেপিৰ এসময়ৰ ঘনিষ্ঠ সহযোগী শিৱসেনাই এতিয়াৰে পৰাই মোডী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আৰম্ভ কৰিছে ৷
শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে বৃহস্পতিবাৰে মোডী চৰকাৰক চোকা ভাষাত আক্ৰমণ কৰি কয়, বিমুদ্ৰাকৰণ সংক্ৰান্তীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন বিস্ময়কৰ ৷ পুৰণি নোট বাতিল কৰাৰ ফলত বহু লোক বেংকত শাৰী পাতি পুৰণি নোট জমা দিবলৈ গৈ মৃত্যুমুখত পৰিছে ৷
এয়া মোডী চৰকাৰৰ এক ডাঙৰ অপৰাধ ৷ তেওঁ কয় যে বিমুদ্ৰাকৰণ ইছ্যুত শিৱসেনাই সংসদত আলোচনাৰ দাবী জনাব ৷ ইতিমধ্যে কংগ্ৰেছসহ অন্যান্য বিৰোধী দলবিলাকে বিমুদ্ৰাকৰণ ইছ্যুত মোডী চৰকাৰৰ বিৰুদ্ধ ঐক্যবদ্ধ হ’বলৈ আৰম্ভ কৰিছে ৷
ইতিপূৰ্বে কংগ্ৰেছ নেতা বীৰাপ্পা মৈলীৰ নেতৃত্বত গঠিত এখন দল নিৰপেক্ষ সংসদীয় সমিতিয়ে বিমুদ্ৰাকৰণৰ ফলত হোৱা বিভিন্ন পৰিণাম আৰু অৰ্থনৈতিক প্ৰতিক্ৰিয়াবোৰ সন্দৰ্ভত এক প্ৰতিবেদন তৈয়ৰ কৰিছে যদিও মোডী চৰকাৰে সেই প্ৰতিবেদনখন সংসদত দাখিল কৰিবলৈ দিয়া নাই ৷
উল্লেখ্য যে ২০১৬ চনৰ ৮ নবেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰাৰ কথা ঘোষণা কৰে ৷ প্ৰধান মন্ত্ৰীৰ এই পদক্ষেপৰ ফলত ভাৰতীয় অৰ্থনীতি ভয়ংকৰ সংকটৰ সন্মুখীন হয় ৷
তাৎক্ষণিকভাৱে দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী আৰু উদ্যোগপতিসকলৰ ব্যৱসায় স্তব্ধ হৈ পৰে ৷ বন্ধ হৈ যায় বহু ক্ষুদ্ৰ উদ্যোগ ৷ তাৎক্ষণিকভাৱেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কমেও চাৰি কোটি লোক এই বিমুদ্ৰাকৰণৰ ফলত কৰ্মহীন হয় ৷
ভাৰতৰ আৰ্থিক বিকাশৰ গতিও মন্থৰ হৈ পৰে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে পুৰণি বাতিল হোৱা নোটৰ ৯৯.৩০ শতাংশই ৰিজাৰ্ভ বেংকলৈ উভতি আহিছে ৷ কিন্তু ক’লা ধন উদ্ধাৰ হোৱাৰ কোনো ইঙ্গিত নাই ৷
অৰ্থাৎ বিমুদ্ৰাকৰণ যে এক ব্যৰ্থ আৰু অৰ্থনীতিৰ বাবে আত্মঘাতী পদক্ষেপ আছিল সেই কথা স্পষ্ট হৈ পৰিল ৷
- Log in to post comments
- 8 views