ক্ৰমশঃ অধিক ভয়ংকৰ হৈছে বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ড:জুই বিয়পিছে কাষৰীয়া অঞ্চললৈ

Baghjanfire

তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তেলখাদত ভয়াৱহ অগ্নিকাণ্ড।বিগত ১৪ দিন ধৰি গেছ নিৰ্গত হৈ থকা তেলখাদটোত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।ছিংগাপুৰৰ পৰা অহা তিনিজনীয়া বিশেষজ্ঞৰ দলে গেছ নিৰ্গম  নিৰীক্ষণ কৰি থকাৰ সময়তে প্ৰচণ্ড অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।মুহূৰ্ততে জুইয়ে চানি ধৰে সমগ্ৰ অঞ্চল।সমগ্র বাঘজান কলা ধোঁৱাই চানি ধৰিছে।

উল্লেখ যে ২৭মে'ৰ পৰা গেছ আৰু তেল নিৰ্গমন হৈ আছিল তেলখাদটোৰ পৰা।২০০৬ চনতে খনন কৰা হৈছিল বাঘজানৰ বিশেষ তেলখাদটোৰ।

গুৰুত্বপূৰ্ণ যে ভয়ংকৰ অগ্নিকাণ্ডৰ বাবে মুহূৰ্তে মুহূৰ্তে শংকা বাঢ়িছে কাষৰীয়া জনতাৰ।নিৰাপত্তাৰ বাবে তেলখাদটোৰ পৰা প্ৰায় ৪ কিঃমিঃ ব্যাসাৰ্ধলৈ খালি কৰা হৈছে জনতাক।

চাৰিজনকৈ কৰ্মচাৰী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত আহত হোৱাৰো খবৰ পোৱা গৈছে।

অগ্নিকাণ্ডৰ বাবে কাষতে থকা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুললৈ বিপদ আহি পৰিছে।যি কোনো মুহূৰ্ততে জুই বিয়পি যাব পাৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ।

ইফালে,সমগ্ৰ ঘটনা টেলিফোনযোগে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অৱগত কৰিছে।

Your Comments