ৰাজ্যত ক'ৰ'নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি:বকলীয়াঘাটৰ আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ৰাজ্যত ক'ৰ'নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে।যোৱা ২৩ মে'ত অসমলৈ ওভতি অহা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ অৰুণ কাকতি নামৰ ব্যক্তিজনৰ মৃত্যু হৈছে। হোম কোৱাৰেন্টাইনত আছিল ৫৪ বছৰীয়া ব্যক্তিজন।বমি হোৱাত চিকিৎসালয়লৈ আনি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়।ইয়াৰ পিছত ছোৱাব পৰীক্ষা কৰাত কাকতি ক'ৰ'না আক্রান্ত বুলি প্ৰমাণ হয়।

Your Comments