গুৱাহাটীৰ খোৱাপানী সমস্যাৰ সমাধানৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

'Aasu' Protest

গুৱাহাটীত খোৱাপানীৰ সমস্যাৰ শীঘ্ৰে সমাধান বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।সামাজিক দূৰত্ব মানি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ।দিনৰ ভাগত মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ'টাৰীত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচী উপস্থিত থাকে 'আছু'ৰ বহুকেইজন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য।

উল্লেখ যে দীৰ্ঘদিনৰ পৰা গুৱাহাটীবাসী খোৱাপানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।গুৱাহাটী পৌৰ নিগমে প্ৰতিবাৰেই খোৱাপানীৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে যদিও আজিকোপতি সমাধান হোৱা নাই সমস্যাটো।গুৱাহাটীবাসীয়ে যোগান লাভ কৰা নাই  বিশুদ্ধ খোৱাপানী।

হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ কৰি 'আছু' সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতা তথা আছুৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য সীমান্ত ঠাকুৰীয়া প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কয় -"মানুহৰ ন্যূনতম প্ৰয়োজন পূৰণ কৰাত অসম চৰকাৰ সম্পূৰ্ন ব্যৰ্থ হৈছে।গুৱাহাটীৰ কাষেৰে ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পিছতো শোধন কৰি ৰাইজক যোগান ধৰিব পৰা নাই পানী।"

গুৱাহাটীতে যদি চৰকাৰখন ব্যৰ্থ হৈছে,অসমৰ বাকী অঞ্চল তথা জিলাসমূহত কি ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু কয়- "চৰকাৰৰ আঁচনি ৰাইজে বহুত দেখিলে।কিন্তু আজিলৈ পানী নাপালে।"

চৰকাৰক দাবী জনাই তেওঁলোকে কয় -"যেতিয়ালৈকে ৰাইজে বিশুদ্ধ খোৱাপানী নাপাব,তেতিয়ালৈকে এই আন্দোলনৰ ধাৰা চলি থাকিব।"

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্ব তথা 'আছুুু'ৰ          কেন্দ্ৰীয় সদস্য তপন কলিতা‌।

Your Comments