
অসম চৰকাৰৰ যোৱা ২৬ মে'ত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ অস্থায়ী টেট শিক্ষক আৰু ঠিকাভিত্তিক হাইস্কুলৰ শিক্ষকসকলৰ বাবে আছে ভাল খবৰ।
শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত অৱগত কৰা অনুসৰি কেবিনেটৰ সিদ্ধান্ত অনুসৰি সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত ৰাজ্যৰ ২৯ হাজাৰ ৭০১গৰাকী অস্থায়ী টেট শিক্ষকৰ চাকৰি কাৰ্যকাল ৬০বছৰলৈ বৃদ্ধি।স্থায়ী শিক্ষকৰ সমান দৰমহাসহ স্থায়ী শিক্ষকে লাভ কৰা সকলো সুবিধা লাভ কৰিব।
ৰাজ্যৰ ১১ হাজাৰ ২০৬ জন ষ্টেপুল শিক্ষকেও চলিত বর্ষৰ পহিলা জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ স্থায়ী শিক্ষকৰ সমান লাভ কৰিব দৰমহা।পূৰ্বৰ ১১মাহৰ চুক্তি থকা এইসকল শিক্ষকৰ চাকৰি ৬০বছৰ বয়সলৈ বৃদ্ধি কৰা হৈছে।স্থায়ী শিক্ষকসকলৰ সমপৰ্যায়ত লাভ কৰিব সকলো সুবিধা।
ইয়াৰ উপৰিও ২০১০ চনত ৰাজ্যৰ হাইস্কুল সমূহত ঠিকাভিত্তিক নিযুক্তি দিয়া ৫২৪৩ গৰাকী শিক্ষকৰ চাকৰি ৬০বছৰলৈ বৃদ্ধি কৰা হৈছে।স্থায়ী হাইস্কুলৰ শিক্ষকসকলৰ সমান লাভ কৰিব দৰমহা।পাব চৰকাৰী সকলো সুবিধা।
"উচ্চতম ন্যায়ালয়ৰ আইন অনুসৰি এই শিক্ষকসকলক স্থায়ী বুলি স্বীকৃতি দিবলৈ নোৱাৰি।কিন্তু ৰাজ্য চৰকাৰে আইনক সন্মান জনাই শিক্ষকসকলক স্থায়ী নিৰাপত্তা প্ৰদান কৰিছে"- মন্ত্ৰী শৰ্মাই কয়।
গুৰুত্বপূৰ্ণ যে মুঠ ৪৬ হাজাৰ ১৫৩ গৰাকী শিক্ষকে এতিয়াৰে পৰা প্ৰতিমাহৰ দৰমহা ৰাজকোষৰ পৰা অন্য শিক্ষকসকলৰ লগতে লাভ কৰিব।
- Log in to post comments
- 25 views