ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ বাধ্যতামূলক অসমীয়া বিষয়

Himanta Biswa Sarma

ব্ৰহ্মপুত্ৰ উপত্যকাত বাধ্যতামূলক হ'ল অসমীয়া বিষয়।চৰকাৰী-বেচৰকাৰী তথা কেন্দ্ৰীয়,সকলো বিদ্যালয়ে প্ৰথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ বাধ্যতামূলক কৰিব লাগিব অসমীয়া বিষয়।এই কথা ঘোষণা কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা অসমীয়া ভাষা বাধ্যতামূলক আইনত ৰাজ্যপাল জগদীশ মুখীয়ে স্বাক্ষৰ কৰা পিছতে মন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰে।

অৱশ্যে বৰাক উপত্যকা আৰু বিটিএডিৰ বিদ্যালয়সমূহত বাধ্যতামূলক নহয় অসমীয়া ভাষা।তাত বাংলা আৰু বড়ো ভাষা থাকিব।এই কথা মন্ত্ৰী শৰ্মাই কয়।

ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ আন্তঃজিলা শিক্ষক বদলি আইনতো স্বাক্ষৰ কৰে ৰাজ্যপালগৰাকীয়ে।এই আইন অনুসৰি নিযুক্তি লাভ কৰা প্ৰতিজন শিক্ষকে ১০বছৰ নিৰ্দিষ্ট জিলাখনত চাকৰি কৰাটো বাধ্যতামূলক।তাৰ পূৰ্বে অন্য জিলালৈ বদলি হ'ব নোৱাৰিব শিক্ষকগৰাকী।প্ৰতি বছৰে জানুৱাৰী মাহত বদলিৰ বাবে অনলাইনত আবেদন ওলাব আৰু ১০ বছৰ  সম্পূৰ্ণ কৰাসকলক মেৰিট পদ্ধতিত দিয়া হ'ব বদলি।

ইফালে,যোৱা দুটা বর্ষত যিসকল শিক্ষক বদলি হৈছিল,তেওঁলোক পুনৰ নিজৰ নিজৰ বিদ্যালয়লৈ ঘূৰি আহিব লাগিব বুলি শিক্ষামন্ত্ৰী শৰ্মাই কয়।

Your Comments