
নিউজ ডেস্ক-
দেশজুৰি ক'ৰোনা ভাইৰাছে চলাইছে তাণ্ডৱ। অতি ক্ষতিগ্ৰস্ত ৰাজ্য সমূহে ভিতৰত দেশৰ ৰাজধানী দিল্লীও আছে।যোৱা দেওবাৰৰ দিনটোতে ৰাজধানী দিল্লীত প্ৰায় ২৭,৬৫৪গৰাকী কোভিড -১৯ত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছিল।ইতিমধ্যে দেশৰ স্বাস্থ্যবিভাগে জুনৰ শেষ ভাগৰ পৰা জুলাইৰ শেষৰ ভাগলৈ পৰিস্থিতি অধিক সংকটজনক হোৱাৰ আশংকা প্ৰকাশ কৰিছে।ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱালে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এতিয়াৰে পৰা দিল্লীৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিখন হাস্পতালতে কেৱল দিল্লীৰ স্থায়ী বাসিন্দা সকলকহে চিকিৎসা প্ৰদান কৰা হ'ব।আনহাতে ইয়াৰ বিপৰীতে দিল্লীস্থিত কেন্দ্ৰীয় হাস্পতালহে অইন সকলো ৰোগীক চিকিৎসা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বহি:ৰাজ্যৰ লোকসকলৰ সুবিধাৰ বাবে দিল্লীৰ সীমান্ত খুলি দিয়া হ'ব।
- Log in to post comments
- 18 views