
নিউজ ডেস্ক :
আইন সকলোৰে বাবে সমান, এই কথাই পুনৰ এবাৰ প্ৰমাণ হল কানপুৰত। কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰই সকলো ৰাজহুৱা স্থানতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল। লগতে নিৰ্দেশনা জাৰি কৰিছিল যে,যিসকল লোকে মাস্ক পৰিধান নকৰে তেওলোকে ভৰিব লাগিব জৰিমনা।
কেন্দ্ৰ এই নিৰ্দেশ মানিয়ে যোৱা শুকুৰবাৰে কানপুৰ ৰেঞ্জৰ আৰক্ষী আয়ুক্ত মোহিত আগ্ৰৱালে ভৰিব লগা হ'ল জৰিমনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যনত প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষী আয়ুক্ত গৰাকীয়ে কামপুৰত বিনা মাস্কৰে কিছু সময়ৰ বাবে ৰাজহুৱা স্থানত দায়িত্ব পালন কৰিছিল। আৰু এই ঘটনাৰ পাছতে উক্ত থানাৰ ৰণজিত সিং নামৰ এগৰাকী আৰক্ষীয়ে তেওঁক এই কাৰ্যৰ বাবে জৰিমণা বিহে। আয়ুক্তগৰাকীয়েও নিজৰ ভুল মানি লৈ, উক্ত স্থানতে জৰিমনা আদায় দিয়ে।
- Log in to post comments
- 29 views