
নিউজ ডেস্ক-
ৰাজ্যত আজিও অব্যাহত আছে দিহিং-পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননক কেন্দ্ৰ কৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ । এনে পৰিস্থিতিৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে হঠাতে জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনাত প্ৰতিষ্ঠানটোৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকে উল্লেখ কৰিছে যে, ৩জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো কয়লা খনন অস্থায়ীভাৱে বন্ধ কৰা হৈছে।লগতে এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈকো সকলোকে নিৰ্দেশ প্ৰদান কৰা হৈছে। ক’ল ইণ্ডিয়া লিমিটেডৰ মাৰ্ঘেৰিটাত থকা কাৰ্যালয়ৰ পৰা জাৰি কৰা এই নিৰ্দেশে বিশেষ তাৎপৰ্য বহন কৰিছে। কিয়নো প্ৰাকৃতিক বৈচিত্ৰ্যৰে ভৰপূৰ বৰ্ষাৰণ্য দিহিং-পাটকাই সংলগ্ন এলেকাত মুক্তভাৱে কয়লা খননৰ কিছুদিনৰ পূৰ্বে অনুমতি প্ৰদান কৰা কাৰ্যক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
বিভিন্ন দল-সংগঠনৰ লগতে উচ্চ ন্যায়ালয়তো এই কাৰ্যৰ বিৰোধিতাৰে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছিল। ইফালে ক’ল ইণ্ডিয়াৰ এই কাৰ্যক একাংশ লোকে ৰাইজৰ সহানুভূতি আদায়ৰ কৌশল বুলিও অভিহিত কৰিছে। কিয়নো সাধাৰণতে বাৰিষা মাহত কয়লাৰ খনন বন্ধ থাকে।বৰ্ষা ঋতু পাৰ হোৱাৰ পিছতেইছেপ্তম্বৰ-অক্টোবৰ মাহত পুনৰ আৰম্ভ হয় কয়লাৰ খনন।
- Log in to post comments
- 14 views