
শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বশিক্ষাৰ অধীনত বিভিন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰিৰ ম্যাদ ৬০ বছৰ বয়সলৈ বৃদ্ধি কৰাৰ লগতে নিয়মীয়া শিক্ষকৰ দৰে শিক্ষকসকলৰ গ্ৰেড প্ৰে',ছুটী,বেংক লোন আদিৰ সুবিধা দিয়াৰ কথা আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।শিক্ষামন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তক আদৰণি জনাইছে শিক্ষক সমাজে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতি যোগে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি আৰু সম্পাদকদ্বয়ে জনাই যে বিগত বছৰসমূহত টেট শিক্ষকসকলে অতি কষ্টৰে শিক্ষকতা কৰাৰ পিছতো চাকৰিৰ অনিশ্চয়তাৰ বাবে শংকাত ভুুগিছিল। উপায়হীন হৈ শিক্ষকসকলে আন্দোলনৰ পথ ল'ব লগীয়া হৈছিল।কিন্তু দেওবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলৰ আন্দোলনক সম্পূৰ্ণৰূপে গুৰত্ব দিয়াৰ লগতে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ কথা উল্লেখ কৰি যি সুবিধা দিয়াৰ কথা জনালে সেয়া সচাঁকৈয়ে আদৰণীয়।
সমাজৰ সম্পাদক মিৰাজুল ৰছিদে কয়- "শিক্ষকসকলৰ নিয়মীয়াকৰণৰ পথ মুকলি হৈছে।এই সুবিধাসমূহ লাভ কৰাৰ লগে লগে চাকৰিটো প্ৰায় নিয়মীয়াকৰণ হৈ পৰিব।অৱশ্যে এনপিএচ,চাৰ্ভিচ বুক অথৱা ডুৱেল কেডাৰ ভংগৰ দৰে কিছু সমস্যা ৰৈ যাব।সেয়াও নিশ্চয় আগন্তুক সময়ত আলোচনাৰ মাজেৰে সমাধান কৰিব পৰা যাব।"
শিক্ষক সমাজে বিগত সময়বোৰত সকলো সংকটৰ মাজতো একতাৰ মাজেৰে নিজৰ প্ৰাপ্যৰ বাবে দি অহা যুঁজৰ বাবে সভাপতি ত্ৰৈলোক্য ডেকাই শিক্ষকসকলক ধন্যবাদ জনায়।
উল্লেখ যে কেবিনটৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ শিক্ষা বিভাগে ৪৬,১৫৩ জন অস্থায়ী শিক্ষকৰ চাকৰি ৬০বছৰ বয়সলৈ বৃদ্ধি কৰাৰ লগতে স্থায়ী শিক্ষকৰ সমপৰ্যায়লৈ চাকৰি উন্নীতকৰণ কৰিছে।
- Log in to post comments
- 249 views