
"ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত চৰকাৰী খণ্ডৰ ১৭খন বিদ্যালয়ে উত্তীৰ্ণ কৰিবলৈ নোৱাৰিলে এজনো ছাত্ৰ-ছাত্ৰীক।ফলত উক্ত বিদ্যালয়কেইখন অহা ৭২ঘন্টাৰ ভিতৰত বন্ধ কৰা হ'ব"-এই ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।গুৱাহাটীত দেওবাৰে সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰীয়ে কয়-যিসকল শিক্ষক সেইসমূহ বিদ্যালয়ত আছে,তেওঁলোকক অন্য ভাল বিদ্যালয়লৈ বদলি কৰা হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলক কাষৰ বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব।"
শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ে পূৰ্বৰ তুলনাত ভাল ফলাফল কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"যোৱা বছৰ ১০০% উত্তীৰ্ণ চৰকাৰীৰ বিদ্যালয় আছিল ৫৪খন।এইবাৰ এই সংখ্যা ১০৯খনলৈ বৃদ্ধি পালে।"
৯০-১০০% উত্তীৰ্ণ বিদ্যালয় আছিল ৩৮৬খন।এইবাৰ ৫০৩খন লৈ বৃদ্ধি পালে।
শূন্যৰ পৰা ১০% উত্তীৰ্ণ বিদ্যালয় পূর্বতে ৯২খন আছিল,বৰ্তমান ৩৩ খনলৈ হ্ৰাস পালে।
একেদৰে পূৰ্বৰ বছৰত শূন্য শতাংশ উত্তীৰ্ণ বিদ্যালয় আছিল ২১খন।বৰ্তমান ১৭খনলৈ হ্ৰাস পালে।
প্ৰথমবাৰৰ বাবে অনলাইন পদ্ধতিত ঘোষণা হোৱা মেট্ৰিক পৰীক্ষাত কোনো ত্ৰুটী ৰৈ নোযোৱা বাবে 'ছেবা'ক ধন্যবাদ জনায় মন্ত্ৰী শৰ্মাই।
- Log in to post comments
- 120 views