
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ই দাখিল কৰিলে অভিযোগনামা।৪ মাহ জোৰা তদন্তৰ অন্তত চানমাৰিৰ নিয়াৰ আদালতত কৃষক নেতাকেইজনৰ বিৰুদ্ধে দাখিল কৰা হয় তদন্তৰ প্ৰতিবেদন।উল্লেখ যে 'কা' আন্দোলনৰ সময়ত ১৩/১৯ নম্বৰ গোচৰৰ ভিত্তিত বিগত বর্ষৰ১৪ ডিচেম্বৰত যোৰহাট কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল নিয়াই।১০ দিন নিয়াৰ জিম্মাত থকাৰ পিছত কৃষক নেতাগৰাকীক আদালতে প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ।অখিলক গ্ৰেপ্তাৰৰ পিছতে অন্য তিনিজন কৃষক নেতাক গ্ৰেপ্তাৰ কৰিছিল নিয়াই।বিগত ৪ মাহ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে নেতাকেইজন।
আদালতত জমা দিয়া অভিযোগনামাত নিয়াই অখিল গগৈৰ মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি উল্লেখ কৰাৰ লগতে অন্য তিনিজন নেতাই অখিল গগৈৰ আদৰ্শক সমৰ্থন কৰে বুলি অভিযোগনামাত উল্লেখ কৰিছে।এই কথা অৱগত কৰে অধিবক্তা কৃষ্ণ গগৈয়ে।
"কা'ৰ বিৰুদ্ধে অসমত হোৱা আন্দোলনত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে ৰাস্তা বন্ধ কৰা কাৰ্যত তেওঁলোকে উচটনি জনোৱা বুলি অভিযোগনামাত উল্লেখ কৰিছে নিয়াই"- অধিবক্তা গগৈয়ে কয়।
গুৰুত্বপূৰ্ণ যে অসমৰ সমগ্ৰ ঘটনা নিয়াৰ অভিযোগনামাত উল্লেখ আছে।অসম আৰক্ষীয়ে তাৰ পাছতো কিদৰে অখিল গগৈক গ্ৰেপ্তাৰ কৰি আছে বুলি প্ৰশ্ন কৰে অধিবক্তাগৰাকীয়ে।
তাৎপৰ্যপূৰ্ণ যে চাবুৱা থানাৰ তিনিটা গোচত বৃহস্পতিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে কৃষক নেতা অখিল গগৈক।
- Log in to post comments
- 28 views