
নিউজ ডেস্ক :
পুনৰ আজমেৰৰ পৰা কাছাৰলৈ অহা বিশেষ বাছখনৰ আৰু দুগৰাকী যাত্ৰী কোভিড-১৯ আক্ৰান্ত বুলি জানিব পৰা গৈছে ।এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াকে লৈ ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৫৮জনলৈ বৃদ্ধি পালে।
গুৰুত্বপূৰ্ণ কথা এই যে বাছখনত শিশুসহ মুঠ ৪৫জন যাত্ৰী আহিছিল।তাৰে বৰ্তমান সময়লৈ ১০জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।বাকী আৰু ব্যক্তিৰ দেহতো কোভিড-১৯ ধৰা পৰা সম্ভাৱনা থকা কথা ইতিমধ্যে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।
- Log in to post comments
- 25 views