
ৰাজ্য কঁপাই যোৱা সাত বছৰীয়া কণমানি ছাত্রী বিনীতা অধিকাৰীৰ হত্যাকাৰী অৰ্জুন দত্তক ফাঁচিৰ দাবীত আজি শিমলুগুৰিত কেইবাটাও ছাত্র সংগঠনে এক প্ৰতিবাদী সমদল উলিয়ায় ৷
ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ শিমলুগুৰিস্থিত কাৰ্যালয়ৰ পৰা বাহিৰ কৰা সমদলটোত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা, ৰাজগড় আঞ্চলিক টাই-আহোম ছাত্র সন্থা, ৰাজগড় আঞ্চলিক গোৰ্খা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ৰাজগড় আঞ্চলিক সমিতি আৰু সদৌ বড়ো ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত উলিওৱা প্ৰতিবাদী
সমদলটোত শিমলুগুৰি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী আৰু পুৰুষ-মহিলাই সহযোগিতা আগবঢ়ায় ৷ সমদলটোৱে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে যোৱা ১৯ আগষ্টত বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পথৰ পৰা লম্পট অৰ্জুন দত্তই কণমানিজনীক অপহৰণ কৰি ৰাজগড় দজানস্থিত আঞ্চলিক বন বিজ্ঞান কেন্দ্ৰৰ চৌহদৰ ভিতৰৰ ঘন জংঘলৰ মাজত বলাৎকাৰ কৰি মৃতদেহটো হাবিৰ মাজত লুকুৱাই থৈছিল আৰু পিছদিনা পুৱা কণমানিজনীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মৃতদেহ নিজ পিতৃয়ে উদ্ধাৰ কৰিছিল ৷
ইফালে উক্ত ঘটনাৰ লগত জড়িত মূল অপৰাধী ৰাজগড়ৰ দজান নিৱাসী বলিন দত্তৰ পালিত পুত্র অৰ্জুন দত্ত (৩০)ক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখিছে ৷
- Log in to post comments
- 5 views