
তামুলপুৰৰ মাজমজিয়াত স্থাপিত অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা নিকেতনৰ ২৫ বৰ্ষ পূৰ্তি উপলক্ষে ২০১৮ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী ।
ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সফল ৰূপায়ণৰ অন্তত অহা ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সামৰণী অনুষ্ঠানৰ মূল কাৰ্যসূচী ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হ'ব ।
সেই উপলক্ষে উদ্যাপন সমিতিৰ তৰফৰ পৰা এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে । সেয়েহে ৰূপালী জয়ন্তী উদ্যাপন সমিতিৰ অধীনস্থ স্মৃতিগ্ৰন্থ উপ-সমিতিয়ে বৰ্তমানৰ ছাত্র-ছাত্রী, প্ৰাক্তন ছাত্র-ছাত্রী, আচাৰ্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা, প্ৰাক্তন পদাধিকাৰী, প্ৰতিষ্ঠাপক কৰ্মকৰ্তা আৰু ইচ্ছুক লেখক-লেখিকাসকলৰ পৰা শিক্ষা
সম্বন্ধীয়, শিশু স্বাস্থ্য সম্বন্ধীয় প্ৰবন্ধ, নিবন্ধৰ লগতে নিকেতনৰ স্মৃতি বিজড়িত ভিন্ন অভিজ্ঞতাৰ লেখা আহ্বান কৰিছে ।
ইচ্ছুক লেখক-লেখিকাসকলক তেওঁলোকৰ লেখাসমূহ ৩০ অক্টোবৰ অথবা তাৰ আগতে পোৱাকৈ বৈকুণ্ঠ কলিতা, সম্পাদক, স্মৃতিগ্ৰন্থ, ৰূপালী জয়ন্তী সমাৰোহ, শঙ্কৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ, ডাকঘৰ- তামুলপুৰ, জিলা- বাক্সা, বিটিএডি, অসম, পিন-৭৮১৩৬৭ অথবা baikunthakalita02@gmail.com এই ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে ।
- Log in to post comments
- 10 views