
জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোনৰ ভোলাগুৰি চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ ।
অসম চাহ নিগমৰ অধীনস্থ ভোলাগুৰি চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি অন্যান্য চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ সম-হাৰত প্ৰদান কৰিবলৈ তথা বাগিচাৰ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আটছা, আছাৰ গহপুৰ শাখাৰ উদ্যোগত আৰু শ্ৰমিক ৰাইজৰ সহযোগত গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও কৰে ।
প্ৰতিবাদস্থলীত গহপুৰৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে ।
গহপুৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ বিমান দাসৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় বুলি আটছাৰ গহপুৰ শাখাৰ সম্পাদক নিলোৎপল ৰবি দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
- Log in to post comments
- 51 views