'লকডাউন' বৃদ্ধি হ'ব নে:মঙলবাৰে পুৱা ৰাষ্ট্ৰবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Pic

মহামাৰী ক'ৰ'না ভাইৰাছৰ বিৰূদ্ধে যোৱা ২৪ মার্চৰ পৰা আহ্বান জনোৱা ২১দিনীয়া 'লকডাউন'ৰ মঙলবাৰে নিশা ১২বজাত সামৰণী পৰিব।তাৰ পূৰ্বে মঙলবাৰে পুৱা ১০ বজাত দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।এই কথা ইতিমধ্যে প্ৰধানমন্ত্ৰী কার্যালয়ে অৱগত কৰিছে।উল্লেখ্য যে লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হ'ব নে নহয় সেই সন্দৰ্ভত মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰবাসীক অৱগত কৰাৰ সম্ভাৱনা আছে।

Your Comments