
আজি অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ গৰু বিহু।ক'ৰ'না সংকটৰ মাজত অসমীয়াই অনুষ্টুপিয়াকৈ আৰু পাৰ্যমানে সামাজিক দূৰত্ব মানি চলি আজি গৰু পালন কৰিছে।গৰু বিহু হৈছে কৃষিজীৱী অসমীয়াৰ কৃষিকৰ্মৰ অপৰিহাৰ্য অংগ গোধনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ বিহু।সাদিনীয়া ৰঙালী বিহুৰ প্ৰথমদিনা গৰু বিহুৰ দিনা পুৱাতে ডেকা-বুঢ়া সকলোৱে সোনকালে উঠি জাতিলাও,থেকেৰা,কেৰেলা,বেঙেনাৰে চাট নিৰ্মাণ কৰে।আজিৰ দিনটোত গোধনক মাহ-হালধিৰে নোৱাই,কপালত দীঘলকৈ ফোঁট দিয়া হয়।দীঘলতী, মাখিয়তীৰ ঠাৰিৰে কোবাই সমূহীয়াকৈ পুখুৰী, বিল-জানৰ পানীত গা ধোৱাবলৈ নিয়ে।গা ধোৱাওঁতে ৰাইজে গায়--
লাও খা,বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু, বাপেৰ সৰু
তই হ'বি বৰ গৰু।
সন্ধিয়াৰ পৰত মাখিয়তী, দীঘলতী,খেৰ,তুঁহগুৰি,বিহলঙনী ইত্যাদিৰে জাগ দিয়া হয়।জাগ দিয়াৰ উদ্দেশ্য হৈছে ম'হ-দাঁহ আদিৰ পৰা ৰক্ষা পোৱা।গধূলি যেতিয়া গৰু ঘৰলৈ উভতি আহে,সেই সময়ত গোধনক পিঠা খাবলৈ দিয়ে।গোধনক নতুন পঘাৰে বান্ধে।গোধনক পিঠা খোৱাওঁতে বিচনীৰে বা দিয়া হয় আৰু সেইদিনাৰ পৰাহে বিচনীৰ বা ল'ব পাৰে বুলি জনবিশ্বাস।গৰু বিহুৰ দিনটোত জেতুকা ল'ব লাগে বুলিও বিশ্বাস আছে।জেতুকা লগালে ছালৰ ৰোগ আৰু নখচুকীয়া হোৱাৰ পৰা ৰক্ষা পোৱা হয় বুলি জনসমাজত বিশ্বাস আছে।গৰু বিহুৰ দিনাই গাঁৱৰ নামঘৰত বা গছৰ তলত বিহুৱা ৰাইজ গোট খাই হুঁচৰি গোৱাৰ আৰম্ভ কৰে।ক'ৰ'না সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজুৰি 'লকডাউন' চলি থকা অৱস্থাত এইবাৰৰ গৰু বিহুত সকলো পৰম্পৰা পালন কৰাটো সম্ভৱপৰ হোৱা নাই।এইবাৰ ক'ৰ'না সংকটে নিস্তেজ কৰিলে অসমীয়াৰ তেজত থকা ৰঙালী বিহু,ৰঙালী বিহুৰ আজিৰ গৰু বিহু।
(বিগত বৰ্ষৰ পুৰণি ফটো ব্যৱহাৰ কৰা হৈছে)
- Log in to post comments
- 46 views