'লকডাউন' বৃদ্ধি সন্দৰ্ভত শনিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ গুৰুত্বপূৰ্ণ বৈঠক

Pic

মহামাৰী ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা হোৱা ২১দিনীয়া 'লকডাউন শেষ হ'বলৈ মাজত আৰু পাঁচটা দিন বাকী।পুনৰ লকডাউন বৃদ্ধি কৰা হ'ব নে নহয়,সেই সন্দৰ্ভত দেশৰ সকলো ৰাজ্য মুখ্যমন্ত্ৰীৰ সৈতে কাাইলৈ(শনিবাৰে) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ     কৰিব এখন গুৰুুত্বপূৰ্ণ বৈঠকত।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পৰা লকডাউন বৃদ্ধি সন্দৰ্ভত ল'ব মতামত।ৰাজ্যেসমূহৰ শেহতীয়া পৰিস্থিতিৰ কথাও মুখ্যমন্ত্ৰীসকলৰ পৰা বুজ ল'ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

উল্লেখ যে প্ৰকাশ পোৱা খবৰ অনুসৰি উক্ত বৈঠকতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে মতামত গ্ৰহণ কৰি লকডাউনৰ ম্যাদ বৃদ্ধি হব নে নহয়,সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

গুৰুত্বপূৰ্ণ যে দুদিন পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী লকডাউন আৰু ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত সংসদৰ বিৰোধীদলসমূহৰ  নেতৃত্বৰে এক সৰ্বদলীয় বৈঠকত মিলিত হৈছিল।

তাৎপৰ্যপূৰ্ণ  যে যোৱা ২৪মার্চত লকডাউন ঘোষনা  কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডী সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত মিলিত    হৈছিল।ইয়াৰ পিছতে ঘোষণা কৰা হৈছিল লকডাউন।

ইফালে,'লকডাউন' বৃদ্ধিৰে বাবে দেশৰ বহুকেইখন ৰাজ্যই কেন্দ্ৰলৈ আহ্বান জনাইছে।তাৰ মাজতে দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উৰিষ্যাই ৩০এপ্ৰিললৈ নিজাকৈ বৃদ্ধি কৰিছে লকডাউনৰ ম্যাদ।

Your Comments