
বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত যোৱা ২৫ আগষ্ট ২০১৭ চনত দৰঙৰ স্বচ্ছ গাঁও হিচাপে বঁটাপ্ৰাপ্ত হালধা গাঁৱৰ ৰাইজে স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ বৰ্ষপূৰ্তি অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰা হৈছে ।
অনুষ্ঠানৰ প্ৰথমদিনা অৰ্থাৎ কালি মুকলি সভাত জনস্বাস্হ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী, দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ, ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া উপস্থিত থাকে ।
অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথে হালধা গাঁওখনে এবছৰৰ ভিতৰতে স্বচ্ছতাৰ কাম নিয়াৰিকৈ কৰা কাৰ্যৰ প্ৰশংসা কৰে । উপায়ুক্ত বৰ্মনে স্বচ্ছতাৰ পৰা পোৱা সামাজিক শক্তিক অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰাত মনোনিবেশ কৰিবলৈ গাঁওবাসীক আহ্বান জনোৱাৰ লগতে প্ৰশাসনৰ ফালৰ পৰা সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।
হালধা গাঁওখনৰ সৰ্বাংগীণ বিকাশৰ হকে আগন্তুক সময়ত বিশেষ অগ্ৰাধিকাৰ দিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে লোৱা সিদ্ধান্তৰ কথাও সদৰী কৰে । সভাত বিধায়ক শইকীয়াই গাঁওখনে স্বচ্ছতাৰ লগতে ঐক্য-সম্প্ৰীতি, অৰ্থনৈতিক, সামাজিক প্ৰগতিৰ দিশত কৰি অহা কামৰ শলাগ লয় আৰু ভাষণত হালধা-ডিমিলা নদী সংযোগী পথটো পকীকৰণ, প্ৰগতি ৰংগমঞ্চৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ কামসমূহ কম দিনৰ ভিতৰত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ।
সভাত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে হালধাত অচিৰেই এটি ক্ষুদ্ৰ পানী যোগান প্ৰকল্প নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে, আগন্তুক গান্ধী জয়ন্তীৰ দিনা ১ লাখ টকা গাঁওখনলৈ আগবঢ়োৱা হ'ব বুলিও প্ৰকাশ কৰে ।
সভাখনত দৰং জিলাৰ জল আৰু অনাময় বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জিলা বিজেপিৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে । দুহেজাৰৰো অধিক লোক উপস্থিত থকা সভাখন আঁতধৰে অভিযানৰ সৰ্বাধিনায়ক ভাষ্কৰজ্যোতি নাথে ।
পুৱাৰ ভাগত বৃক্ষৰোপণ, চাফাই, শোভাযাত্ৰা, সমবেত সংগীত আদি অনুষ্ঠান হৈ যায় ।
- Log in to post comments
- 13 views