
সুস্থ হৈ উঠিছে অসমৰ জনগণৰ আপোন শিল্পী জুবিন গাৰ্গ।তেওঁ সংজ্ঞা উভতাই পাইছে।গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত এটা অনুষ্ঠানত আজি গধূলি হঠাৎ সংজ্ঞা হেৰুৱাই বাগৰি পৰিছিল শিল্পীগৰাকী।তাৰ পিছত ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জুবিনক।চিকিৎসকে শিল্পীগৰাকী স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছে বুলি সন্দেহ প্রকাশ কৰিছে।অত্যধিক পৰিশ্ৰমৰ বাবেও শিল্পীগৰাকী হঠাৎ অচেতন হৈ পৰিব পাৰে বুলি মন্তব্য কৰিছে চিকিৎসকে।আজি নিশাটো নেমকেয়াৰ হাস্পতালৰ আইচিইউতে ৰখা হ'ব শিল্পীগৰাকীক।
- Log in to post comments
- 7 views