বৰ্তমান সময়ত মহামাৰীৰ ৰূপ লোৱা কেন্সাৰ ৰোগত আক্ৰান্ত বহু লোকৰ মৃত্যু হয়। ভাৰতবৰ্ষত এই ৰোগে নিতৌ মানুহৰ প্ৰাণ লয়। বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগৰ চিকিৎসা ব্যয়বহুল হোৱাৰ লগতে ঔষধৰ অভাৱে বাৰুকৈয়ে বিপদত পেলাই আহিছে ৰোগী তথা ৰোগীৰ পৰিয়ালক।
কম খৰচতে নিৰাময় কৰিবৰ বাবে বহু চিন্তা-চৰ্চা কৰি পাৰ পোৱা নাই নাছিল চিকিৎসক তথা বিশেষজ্ঞ সকলে ৷ দিন ৰাতি এক কৰি পেলাইছে এই ৰোগবিধক আয়ত্ত কৰাৰ বাবে ৷ কর্কট ৰোগক নির্মূল কৰাৰ পৰীক্ষা-নিৰীক্ষাত নিজকে অর্পণ কৰিছে বহু চিকিৎসা বিজ্ঞানীয়ে। তথাপিও এই ৰোগৰ নির্দিষ্ট ঔষধ উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই । পিছে এই সকলো দুশ্চিন্তাৰ পৰা বহুলাংশে মুক্তি দিলে কমিউনিষ্ট দেশ কিউবাই ৷

কর্কট ৰোগত আক্রান্তসকলৰ বাবে নিতান্তই ই এক সুখৰ খবৰ। বৰ্তমান পর্যন্ত এই মাৰাত্মক ৰোগৰ চিকিত্সা অত্যন্ত কষ্টকৰ কেমোথেৰাপি আৰু ৰেডিয়েছনেৰে কেইবাটাও পদ্ধতি পাৰ কৰিবলগীয়া হয়। পিছে এইবাৰ হয়তো ৰোগীসকলে মুক্তি পাব এই সুদূৰপ্রসাৰী চিকিত্সা ব্যাৱস্থাটোৰ পৰা।
এই মাৰাত্মক ৰোগ বিধক নির্মূল কৰিবলৈ কিউবাৰ এটা বিজ্ঞানীৰ দলে আবিষ্কাৰ কৰি উলিয়াইছে এটি কেঞ্চাৰ প্ৰতিষেধক টীকা। তেওঁলোকৰ দাবী, এই টীকাৰ সহায়তেই কর্কট ৰোগ নির্মূল কৰা সম্ভৱ হ’ব। প্ৰমাণ হিচাপে ইতিমধ্যে ৪ হাজাৰৰো অধিক আক্রান্তৰ ওপৰত এই পৰীক্ষা কৰা হৈছে, আৰু তেওঁলোক বৰ্তমানে স্বাভাবিক মানুহৰ দৰেই সুস্থ হৈ উঠিছে। কিউবাৰ বিজ্ঞানীৰ দলটোৱে জনায় যে, এই ভেকচিন মধ্যবিত্তৰ সামর্থ্য অনুযায়ী উপলব্ধ হ’ব৷

উল্লেখ্য যে, এই মহামূল্যৱান ভেকচিনটি যিহেতু কিউবাত আবিষ্কাৰ হৈছে, সেইকাৰণে কিউবাৰ বাসিন্দাৰ বাবে ভেকচিনটি বিনামূলীয়াকৈ দিয়া হৈছে।
এই ভেকচিন সংগ্ৰহ কৰাৰ বাবে যোগাযোগ কৰক কিউবাৰ ল্যাবিওফ্যাম কোম্পানীত (বিক্ৰেতা) Esco zul
ঠিকনা :-16 1/2 Boyeros, Santiago De las Vegas, Havana, Cuba 
Tel:- +536833188/6862151
Fax:- 6832151 
Phone:- Dr. Verges radiologist and niudis Cruz +5376832151 
E-mail :- niudis.cruz@infomed.SLD.cu 
Director:- Dr. José Andres Lopez Losada 
Tel +5378322202
Fax +537337198
- Log in to post comments
 - 106 views
 
    
