শিৱসাগৰত 'গান্ধী সংকল্প যাত্ৰা'

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো উলিওৱা হয় গান্ধী সংকল্প যাত্ৰাৰ সমদল। এই সমদলক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰৰ চৌদিশে মুখৰিত হয় মহামানৱ গান্ধীজীৰ মন্ত্ৰ আৰু বাণী। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীকে ধৰি ৰাজ্যিক আৰু জিলা সমিতিৰ নেতা-কৰ্মীৰ লগতে কেইবাশতাধিক বিজেপি সদস্যই গান্ধী সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰে সমগ্ৰ দেশতে গান্ধী সংকল্প যাত্ৰা আৰম্ভ কৰিছিল।দেশৰ প্ৰতিটো লোকসভা সমষ্টিত ১৫০ কিলোমিটাৰ পথ পদযাত্ৰাৰে ৰাইজৰ মাজত গান্ধীজীৰ নীতি-আদৰ্শ বিলাই গান্ধীজীৰ সপোনৰ দেশ গঢ়িবলৈ প্ৰচেষ্টা হাতত লৈছিল। যোৱা ১৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰাৰ বুধবাৰে আছিল অন্তিম দিন। এই অন্তিম দিনটোতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ সমষ্টিত এই যাত্ৰা শেষ হয়। শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰাই সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি কে পি চাৰিআলিত অন্ত পৰে। 

গান্ধীজী অৰ্থাৎ বাপুক আমি মনত লৈ  বাপুৰ আদৰ্শৰে আগবাঢ়ি দেশখনক যাতে আগুৱাই নিব পাৰোঁঁ,তাৰ বাবেই এই গান্ধী সংকল্প যাত্ৰা উলিওৱা বুলি সাংসদ তপন কুমাৰ গগৈয়ে মন্তব্য কৰে।

Your Comments