
বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :
নলবাৰী জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছন'ৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ,নলবাৰীৰ সহযোগত বুধবাৰে পূব নলবাৰী উন্নয়ন খণ্ডৰ অৰ্ন্তগত বিষ্টুপুৰত অনুষ্ঠিত জিলাভিত্তিক আমন্ত্ৰণমুলক দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত নিজ পকোৱা সুনীতি সংঘই চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ১২টা দলে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাৰ তীব্ৰ উত্তেজনামূলক ফাইনেল খেলত নিজ পকোৱা সুনীতি সংঘই নলবাৰী ভলীবল ক'চিং চেণ্টাৰক হৰুৱাই চেম্পিয়ন হয় । ইপিনে,উক্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় নিজ পকোৱা সুনীতি সংঘৰ জীমন বৈশ্য। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বনভাগ খাতা দিহজাৰী হাইস্কুলৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেশ্বৰ বাৰ্মাই। অনুষ্ঠানৰ আদিতে পুৱাৰ ভাগত সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ সমন্বয়ক তিলক দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে।
- Log in to post comments
- 17 views