বৰশিমলুৱাত ক'লা ৩০ অক্টোবৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

Pic

নৰেন শৰ্মা,বাহাৰঘাট :

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাৰ উদ্যোগত অসমৰ ইতিহাসৰ ক'লা ৩০ অক্টোবৰত নিহতসকলক সুঁৱৰি বুধবাৰে বৰশিমলুৱা গাঁৱত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাৰ সম্পাদকৰ লগতে বৰশিমলুৱা গাঁঁৱৰ বিশিষ্ট ব্যক্তি ৰঞ্জিত দাস আৰু স্থানীয়  একাংশ  নাগৰিক আৰু  যুৱক।

উক্ত অনুষ্ঠানতে পৃথিৱীৰ পৰা সন্ত্রাসবাদ নিপাত যাওঁক ,পুনৰাই এনেকুৱা ঘটনা নহওক, ক'লা দিৱস হৈ নাথাকি হওক অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ দিৱস আদি বিষয়সমূহত উপস্থিত বিভিন্নজনে চৰ্চা কৰে।

Your Comments