
হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ লংকাৰ কাকীত বুধবাৰে বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয়। কাকী বন বিভাগৰ বিট অফিচাৰ মনোজ শৰ্মাৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে গোপন সুত্ৰৰ পম খেদি ২নং কাকী টিলাবজাৰ অঞ্চলত অভিযান চলাই জব্দ কৰে প্ৰায় ৮০ চেফ্টি চেগুন কাঠৰ কুণ্ডা।উক্ত জব্দকৃত কুণ্ডাখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে। উক্ত অভিযানত কোনো ব্যক্তিক আটক কৰিব পৰা নগ'ল যদিও এখন টাটা ডি আই গাড়ীসহ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দকৃত চেগুনৰ কুণ্ডাখিনি বন বিভাগে কাকী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে ।
- Log in to post comments
- 106 views