মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
প্ৰায় তিনিদশক ধৰি অসমৰ জনগণৰ মানৱ অধিকাৰৰ হকে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে প্ৰতিকূল সময়কো নেওচি মানৱ অধিকাৰ সংগ্ৰামখন চলাই অহা মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ 'মাছ'ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু দশম দ্বি -বাৰ্ষিক অধিবেশনখন অহা ২ নবেম্বৰত অনুষ্ঠিত কৰা হ'ব। গুৱাহাটীৰ চানমাৰিৰ পণ্ডিত তীৰ্থনাথ সভাগৃহত অনুষ্ঠিত হ'ব লগীয়া 'মাছ'ৰ প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় অধিৱেশন পুৱা ৯ বজাত পতাকা উত্তোলনৰে শুভাৰম্ভ কৰিব মাছৰ অধ্যক্ষ কেশৱ চহৰীয়াই।শ্বহীদ তৰ্পণ কৰিব শ্বহীদ পৰিয়ালৰ সদস্যবৰ্গই। ১০. ৩০ বজাত মাছৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী আৰু অধ্যক্ষ কেশৱ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগীয়া মুকলি সভাখন উদ্ধোধন কৰিব মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই। সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ কুমাৰ বৰবৰা,মাছৰ প্ৰাক্তন অ্ধ্যক্ষ লাচিত বৰদলৈকে আদি কেইবাজনো মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতেই অনুষ্ঠিত হ'ব সাধাৰণ সভা আৰু প্ৰতিনিধি সভা। সন্ধিয়া বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি পৰিব বুলি জনিবলৈ দিছে মাছৰ সচিব জিতুমণি নাথে।
- Log in to post comments
- 3 views