
নৰেন শৰ্মা,বাহাৰঘাট :
দীপাৱলীৰ আনন্দ-উৎসাহৰ মাজতে সোমবাৰে নিশা বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ছমাৰকুছি গাওঁৰ বাচন-বৰ্তনৰ ক্ষুদ্ৰ ব্যৱসায়ী আজিজুৰ ৰহমানৰ বাচন-বৰ্তন জমা কৰি থোৱা গুদাম ঘৰটোত জুই লাগি সকলো বয়বস্তু পুৰি চাৰখাৰ হয়৷উল্লেখযোগ্য যে গাওঁখনৰ প্ৰয়াত আমিৰ আলী আৰু আকলিমা বিবিৰ দ্বিতীয় পুত্ৰ আজিজুৰে কেইবছৰমান আগৰে পৰা এখন ঠেলাগাড়ীৰে বাচন-বৰ্তন লৈ গাঁঁৱে গাঁঁৱে ব্যৱসায় কৰি আহিছিল৷দিনৰ দিনটোৰ পৰিশ্ৰমৰ অন্তত অইন দিনাৰ দৰে উক্ত নিশাও পৰিয়ালটোৰ আটাইবোৰ সদস্য শুই পৰে৷নিশা গভীৰ টোপনিৰ মাজতে দাও দাওকৈ জ্বলা জুই আৰু বাঁঁহৰ হিলৈৰ শব্দ শুনি পৰিয়ালটোত হুৱাদুৱা লাগে৷অৱশেষত গাওঁবাসীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সকলো সামগ্ৰী পুৰি ছাই হৈ যায়৷বন্ধনৰ পৰা ঋণ লৈ ব্যৱসায় বৃদ্ধি কৰা আজিজুৰে সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে৷বৈদ্যুতিক বিজুতিৰ বাবে উক্ত ঘটনা সংঘটিত হয় বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে৷
- Log in to post comments
- 2 views