
শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্রতিবেদন :
কামৰূপ জিলাৰ দদৰা আৰক্ষী চকীৰ ভাঃ প্ৰা আৰক্ষী বিষয়া ডিম্পল গয়াৰীৰ নেতৃত্বত এক গোপন খবৰৰ ভিক্তিত যোৱা ২৩ অক্টোবৰৰ নিশা দদৰা আৰক্ষী চকীৰ অন্তৰ্গত পাকোৰকোণাত এন এল ০৮ ডি ৫৩১১ নম্বৰৰ এখন চুৰি ট্ৰাক, ট্ৰাকৰ ৰ’ডসহ চাৰিজন ব্যক্তিক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।আৰক্ষী সূত্ৰে জানিব পৰা মতে ,গৌৰীপুৰৰ পৰা এখন ৰ’ড ভৰ্ত্তি ট্ৰাক আমিনগাঁৱৰ ইকো পাৰ্কত চলি থকা চৰকাৰী নিৰ্মাণৰ কামত ৰ’ড খিনি নমাব লাগিছিল যদিও ট্ৰাক ড্ৰাইভাৰ দিলিপ থাপাই তাত নমাই নিদিয়াকৈ হাজোৰ বাসুদেৱ দাস আৰু জিতু ডেকাৰ নিৰ্দেশত হাজোৰ ফালে লৈ আহি পাকোৰকোনাত এখন এ এচ ২৫ চি চি ১৪৬৩ নম্বৰৰ টাটা ডি আই বলেৰ’ গাড়ীখনত কিছু ৰ’ড ভৰাই ড্ৰাইভাৰ ছাজনুৰ আলীয়ে বাসুদেৱ দাসৰ গৃহলৈ নিয়ে আৰু তাতে আৰক্ষীয়ে টাটা ডি আই গাড়ীসহ ৰ’ডসমূহ জব্দ কৰি দদৰা আৰক্ষীয়ে থানালৈ লৈ আনে ৷এই সংক্ৰান্তত দদৰা আৰক্ষীয়ে নিজাববীয়াকৈ ৯০২/১৯ ধাৰাৰ অধীনত ৪২০/৩৭৯/৪১১ নম্বৰৰ গোচৰ এটা ৰুজু কৰি ঘটনাত জড়িত ট্ৰাক ড্ৰাইভাৰ দিলিপ থাপা( বামুণমৈদাম) বাসুদেৱ দাস , জিতু ডেকা , ছাজনুৰ আলীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আনহাতে , ৰ’ড ভৰ্ত্তি এন এল ০৮ ডি ৫৩১১ নম্বৰৰ ট্ৰাকখন আৰু এ এচ ২৫ চি চি - ১৪৬৩ নম্বৰৰ টাটা ডি আই গাড়ী সহ প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ মূল্যৰ ৰ’ড জব্দ কৰি দদৰা আৰক্ষী চকীলৈ আনে ৷ এতিয়া দদৰা আৰক্ষীৰ সঠিক তদন্ততহে ওলাই পৰিব সকলো ওৰহি গছৰ ওৰ।
- Log in to post comments
- 103 views