সৰভোগ বিধানসভা সমষ্টিত বিজেপিৰ 'গান্ধী সংকল্প যাত্ৰা'

Gandhiji

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :

৪০নং সৰভোগ বিধানসভা সমষ্টিত মঙলবাৰে বিজেপি দলে 'গান্ধী সংকল্প যাত্ৰা' উলিয়াই। কাটাঝাৰৰ পৰা আৰম্ভ হৈ বৰপেটাৰোডৰ  লগতে সৰভোগৰ বিভিন্ন এলেকা সামৰি প্ৰায় ৩০/৪০ কিলোমিটাৰ পদযাত্ৰা কৰি সৰভোগস্থিত গান্ধী ময়দানত সমাপ্ত কৰে।এই পদযাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,বিজেপিৰ বৰপেটা জিলাৰ সভাপতি  শংকৰ দাসকে ধৰি ভালেসংখ্যক নেতা- কৰ্মীয়ে অংশগ্ৰহণ কৰে।পদযাত্ৰাৰ সামৰণি ভাষণত বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰে যে মহাত্মা গান্ধী কেৱল ভাৰতবৰ্ষৰেই নহয়,সমগ্ৰ বিশ্বৰ গৌৰৱ।গান্ধীজীয়ে স্বদেশী, স্বচ্ছতা, সাম্প্ৰদায়িক সম্প্ৰীতি, ভাৰতীয় ভাষা সমূহৰ সংবৰ্ধন,গ্ৰামোদ্যোগ,'ন‌ই তালীম'ৰ দৰে ভালেসংখ্যক সৃষ্টিশীল পদক্ষেপৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনক গণ আন্দোলনৰ ৰূপ দিছিল।সত্য,অহিংসা,শান্তি, সত্যাগ্ৰহ,সততা আৰু স্বাৱলম্বনৰ দৰে জীৱনৰ প্ৰমূল্যসমূহ প্ৰতিষ্ঠিত কৰি সমগ্ৰ মানৱ জাতিৰ বিকাশ আৰু উত্তৰণৰ পথ প্ৰশস্ত কৰিছিল।নাগৰিকসকলে গান্ধীজীৰ প্ৰমূল্য আৰু নীতিসমূহ নিজৰ জীৱনত প্ৰয়োগ কৰা উচিত তথা আন নাগৰিককো আহৰণৰ বাবে উৎসাহিত কৰা উচিত বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।

Your Comments