সোণাৰিত বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সজাগতা সভা

Pic

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা একাংশ নাগৰিকে ঋণ গ্ৰহণ কৰি সৰ্বস্বান্ত হোৱাৰ বিভিন্ন খবৰ সময়ে সময়ে পোহৰলৈ আহি থকাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিৰ চুঙী-লুখুৰাখন প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত দেওবাৰে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে এখন বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয়। পূৰ্ণ কান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত শিক্ষক মণি গগৈ,আহোম গণ মঞ্চৰ কল্যাণ গগৈ,কৃষক সুৰক্ষা সমিতিৰ ৰাজু গগৈ, দোলাখৰীয়া গাঁৱৰ গাওঁবুঢ়া ঘন গগৈ, বেঙেনাবাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী সীমা লাহন, সমাজকৰ্ম্মী চেনিৰাম গগৈ ,খগেন গগৈ আদিয়ে বক্তব্য আগবঢ়ায়। সভাত ৱাৰ্ড সদস্যাদ্বয়  জ্যোতি শ্যাম, পৰিস্মিতা ডেকা, শিক্ষক পুষ্প গগৈ,সংবাদদাতা অঞ্জন গগৈ, ৰূপামণি গগৈ, উজ্বল দত্ত,ঘন বড়া আদি  ব্যক্তিসকল উপস্থিত থাকে । তদুপৰি ভুক্তভোগী মহিলাসকলে সভাত দুআষাৰ  কয়।প্ৰায় তিনি শতাধিক পুৰুষ-মহিলা উপস্থিত হোৱা সজাগতা সভাত অনাগত দিনত মাইক্ৰ'ফাইনন্স কোম্পানীসমূহৰ  পৰা কোনো ধৰণৰ ঋণ লোৱা আৰু ঋণ পৰিশোধ নকৰাৰ  সংকল্প গ্ৰহণ কৰে।

Your Comments