
শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
শিৱসাগৰ জিলাত সাম্প্ৰতিকভাৱে বিৰাজমান শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱা, জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰু আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়াই সমগ্ৰ শিবসাগৰ জিলাত যি কোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত কোনো ব্যক্তি বা সংস্থা আদিয়ে চান্দা বিচৰা, বলপূৰ্বক ধন সংগ্ৰহ, বৰঙণি আদায়, বাটে-পথে ধন সংগ্ৰহ আৰু যি কোনো ধৰণৰ ধন দাবী নিষিদ্ধ কৰি এক আদেশ যোগে সমগ্ৰ শিৱসাগৰ জিলাত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷
এই নিষেধাজ্ঞা সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হৈছে ৷ এই নিষেধাজ্ঞা অৱমাননা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুযায়ী দণ্ডনীয় হ'ব বুলি উক্ত আদেশত উল্লেখ কৰিছে৷
- Log in to post comments
- 4 views