
দুলীয়াজানত সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতিৰ । প্ৰতিবাদত স্তব্ধ হ’ল অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ। উল্লেখযোগ্য যে, অইলৰ “মটৰ ৱৰ্কাৰ ইউনিয়ন”এ দীৰ্ঘদিনৰ পৰা ঠিকাভিত্তিক শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ বাবে অইল কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে ৷ যদিও আজিকোপতি কৰ্মচাৰী সকলে কোনো ধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাছিল ৷ সেই পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা শ্ৰমিকসকলে অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
ফলস্বৰূপে অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাম–কাজ অচল হৈ পৰিছে। যিকোনো সময়ত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভৱনা প্ৰকট হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে অইলৰ ঔদ্যোগিক সুৰক্ষা বাহিনী মোতায়েন কৰা হয়।
- Log in to post comments
- 18 views