
কৃষক আন্দোলন সন্দৰ্ভত অসংবেদনশীল মন্তব্য শুনা গ’ল বিজেপি মন্ত্রীৰ মুখত। সংবাদমেলত কৃষকসকলৰ মৃত্যু কামনা কৰি বিজেপিৰ ওপৰত চাপ বঢ়ালে হাৰিয়ানাৰ কৃষিমন্ত্রী জেপি দালালে । তেওঁ কয় যে, "এতিয়া নমৰিলে পিছত সিহঁত মৰিবয়ে লাগিব"!
সংবাদমেলত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে । চচিয়েল মিডিয়াৰ একাংশই ঘৃণা প্ৰকাশ কৰিছে মন্ত্ৰীজনৰ এই মন্তব্যত। আন্দোলনৰ সময়চোৱাত কৃষকৰ মৃত্যুৰ ঘটনাৰ প্রসঙ্গত মন্তব্য কৰি জেপি দালালে কয়, ' ঘৰত থাকিলেও মৰিব লাগিব সিহঁত। ২ লাখ লোকৰ ভিতৰত ৬ মাহত ২০০ জনৰ মৃত্যু একো অস্বাভাৱিক কথা নহয়। সকলোৰেতো দুর্ঘটনাত মৃত্যু হোৱা নাই, স্বেচ্ছাই মৃত্যুক বৰণ কৰিছে। সেয়া বাদ দিলেও ভাৰতীয়সকলৰ আয়ুসো ইমানেই। কেইদিনমান পিছত এনেও মৰিলে হেতেনেই । বছৰত কিমান লোকৰ মৃত্যু হয় সেই খবৰ ৰখা যায়নে? কিন্তু মই মৃত্যু হোৱা প্ৰত্যেক ব্যক্তিৰ প্ৰতি সহানুভূতি জনাইছো"।
এই ধৰণৰ অসংবেদনশীল আৰু বিতর্কিত মন্তব্য কৰাৰ পিছত ক্ষমাও বিচাৰিছে মন্ত্রীজনে । কিন্তু ইয়াতেই বিতর্কৰ সমাপ্তি নঘটিল। কৃষকসকলৰ আত্মবলিদানক লৈ এই ধৰণৰ অসংবেদনশীল মন্তব্য দেশৰ বাবে দুঃখজনক বুলি প্ৰকাশ কৰিছে একাংশ জনতাই ।
- Log in to post comments
- 12 views