ৱাহিদুদ জামান,নগাঁও :
নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু দুৰ্নীতি নিবাৰক ফৰ্চৰ ৰাষ্ট্ৰীয় সম্পাদক পদত নগাঁও জিলাৰ জুৰীয়াৰ যুৱ সমাজকৰ্মী আবুল হুছেইনে নিযুক্তি লাভ কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনটোৰ সভাপতি ড: বীৰেণ ডাভে আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ কে বিজয়াৰাঘাবনে কালি এই নিযুক্তি পত্ৰ প্ৰদান কৰিছে। তেওঁক উত্তৰ-পূৰ্বাঞ্চৰ তত্বাৱধায়ক হিচাপে দায়িত্ব পালন কৰিবলৈ নিযুক্তি প্ৰত্ৰখনত উল্লেখ কৰিছে। মনকৰিবলগীয়া যে, আবুল হুছেইন বিগত এবছৰো অধিক কাল ধৰি এই সংগঠনটোৰ অসম ৰাজ্যিকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। উল্লেখ্য যে, জুৰীয়াৰ ফাকলি পথাৰ নিবাসী আবুল হুছেইনে দীৰ্ঘদিন ধৰি বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ সমাজ সেৱামুলক কাৰ্য সম্পাদন কৰি আহিছে। এই সংগঠনৰ জৰিয়তে তেওঁ সমাজৰ বিভিন্ন স্তৰৰ লোক বিশেষকৈ যুৱক-যুৱতী আৰু মহিলাসকলক সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে কাম কৰিব বুলি আজি নৱ নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক আবুল হুছেইনে সংবাদ মাধ্যমৰ আগত জনাইছে। এইদৰে আবুল হুছেইনক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু দুৰ্নীতি নিবাৰক ফৰ্চৰ দৰে এটা ৰাষ্ট্ৰীয় সংগঠনৰ শীৰ্ষ পদবীত নিযুক্তি দিয়াত নগাঁও বাসীক উৎফুল্লিত কৰি তুলিছে।
- Log in to post comments
- 293 views
