ওদালগুৰিৰ পৰা ৰিজুল হক
কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ শক্তিশালী শাখা কবিৰালী শাখা ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠানৰ শণিবাৰে সামৰণি পৰে।কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত নাথৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি সভাত উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ ডম্বৰুধৰ গোস্বামী,উপাধ্যক্ষ চৌমজী নাৰ্জাৰী,কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য্য শৰ্মা,কবিৰালী সমাজ কল্যাণ ঐক্যমঞ্চৰ সভাপতি জগবন্ধু বড়ো,কবিৰালী ভোজপুৰী যুৱ-ছাত্র পৰিষদৰ সভাপতি সুনীল চৌহান,কেইবাগৰাকী ছাত্রনেতা তথা সাংবাদিক ৰিজুল হক।কবিৰালী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰাতুল বৰুৱাই সভাখনৰ আঁত ধৰে।
- Log in to post comments
- 101 views
