জিতুমনি নাথ,মৰিগাঁও :
ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে। কিন্তু এই ৰোগ প্ৰতিৰোধ কৰাত ৰাজ্যৰ স্বাস্থ্য বিভাগ চুড়ান্ত ব্যৰ্থ হোৱাৰ পাছত সম্প্ৰতি ৰাজ্যৰ চৌদিশে বলিছে প্ৰতিবাদৰ ঢৌ। এই ৰোগ প্ৰতিৰোধ কৰিবলৈ শিশুৰ মাজত চৰকাৰে টিকাকৰণৰ ব্যৱস্থা কৰিছে যদিও টিকা গ্ৰহণ কৰা শিশুও এই ৰোগত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। জানিব পৰা মতে মৰিগাঁও জিলাকে ধৰি ৰাজ্যখনৰ ১৬ খন জিলাত এই ৰোগে সংহাৰি ৰূপ ধাৰণ কৰি বৰ্তমানলৈ ৩০ জনতকৈও অধিক লোক মৃত্যু মুখত পৰিছে। এনে প্ৰেক্ষাপতত এই ৰোগ প্ৰতিৰোধ কৰিবলৈ মৰিগাঁৱত স্বাস্থ্য বিভাগে গ্ৰহন কৰিছে এক বিশেষ পদক্ষেপ।
এইবাৰ এক বিশেষৰ মাছৰ জৰিয়তে স্বাস্থ্য বিভাগে এনকেফেলাইটিছ ৰোগৰ বংশ বৃদ্ধিত বাধা দিবলৈ গ্ৰহন কৰিছে এই পদক্ষেপ।মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে National Institute Of Malaria Research প্ৰতিষ্ঠানৰ তৰফৰ পৰা "গাপী" নামৰ এবিধ বিশেষ মাছ পৰীক্ষামূলক ভাবে প্ৰথমে মৰিগাঁও জিলা পৰিষদৰ চৌহদত থকা পুখুৰীত এৰি দিছে ৷এই মাছ বিধে এনকেফেলাইটিছৰ লগতে ,ডেংগু , মেলেৰিয়া আদিৰ দৰে সংক্ৰামক ৰোগৰ মহবোৰৰ কণী বোৰ খাই দিব আৰু মহৰ বংশ বৃদ্ধি হোৱাত বাধা দিব ৷ প্ৰতিষ্ঠানটোৰ বিজ্ঞানী শুভন ফুকনে কোৱা অনুসৰি সৰু সৰু মাছৰ এই প্ৰজাতিটোৱে বছৰত চাৰিবাৰ কৈ পোৱালি দিয়ে আৰু মাছবিধ যথেষ্ট বুদ্ধিয়ক যাৰ বাবে ডাঙৰ মাছে ইয়াক আহাৰ হিচাপে চিকাৰ কৰিব নোৱাৰে আৰু ই যথেষ্ট উপকাৰী ৷
আনহাতে জিলা মেলেৰিয়া বিষয়াই এই মাছবিধ জিলাৰ বিভিন্ন ঠাইৰ জলাশয়ত মেলি দিয়াৰো ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি জানিব দিয়ে। বৰ্তমানে আতংকময় পৰিবেশ সৃষ্টি কৰি ৰখা এই মাৰাত্মক ৰোগবিধৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ স্বাস্থ্য বিভাগ কিদৰে সমৰ্থ হয় সেইয়াই লক্ষণীয় হ'ব।
- Log in to post comments
- 69 views
