ওৰেনিশা চলা নাটকৰ অন্তত আজি আদালতে ডি এম কেৰ পিতামহ এম কৰুণানিধিৰ শেষকৃত্য মেৰিনা বিচ্চত সম্পন্ন কৰিবৰ বাবে ৰায় প্ৰদান কৰে ৷ উল্লেখ্য যে অতি লেতেৰা আৰু ঘৃণনীয় ৰাজনীতিৰে আঞ্চলিক ৰাজনীতিৰ এইগৰাকী পুৰোধাৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি কৰিছিল এ আই এ ডি এম কে দলে ৷ শেষত আদালতৰ ৰায় অনুযায়ী আজি আবেলি ৪ বজাত মেৰিনা বিচ্চত এইগৰাকী জাতীয়তাবাদৰ সিংহ পুৰুষৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

ডি এম কে দলৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তামিলনাডুৰ শাসনাধিষ্ঠ এ আই এ ডি এম কে দলে তেওঁলোকৰ ৰাজনৈতিক গুৰু 'আম্মা' জয়াললিতাৰ ওচৰত ৰাজ্যখনৰ পাঁচবাৰৰ মুখ্য মন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ সন্মতি দিব বিচৰা নাছিল ৷ এ আই এ ডি এম কেৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাই ডি এম কে দলে আদালতৰ কাষ চপাত মঙলবাৰে নিশা মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শুনানি অনুষ্ঠিত কৰে ৷
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহত গোটেই নাশা ধৰি অনুষ্ঠিত এই শুনানিত কৰুণানিধিৰ অন্ত্যেষ্টিক্ৰিয়া মেৰিনা বিচ্চত সম্পন্ন কৰিবলৈ আদালতে ৰায় প্ৰদান কৰে ৷ উল্লখ্য যে ছয়টা দশকজুৰি ৰাজ্যৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰা কৰুণানিধিৰ মঙলবাৰে ৯৪ বছৰ বয়সত দেহাৱসান ঘটে ৷
- Log in to post comments
- 10 views
