ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ এগৰাকী যুৱতী। শ্ৰী ৰামচন্দ্ৰ মিছন, ইউনাইটেড নেচন ইনফৰ্মেচন চেণ্টাৰ আৰু দ্য হাৰ্টফুলনেছ এডুকেচন ট্ৰাষ্টৰ উদ্যোগত অলপতে আয়োজিত সৰ্বভাৰতীয় ৰচনা প্ৰতিযোগিতাত নগাঁৱৰ উদাৰতা ভট্টাচাৰ্যই নৱম স্থান দখল কৰি নগাঁৱৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে এই কৃতিত্ব লাভ কৰা যুৱতীগৰাকী বৰ্তমান গুৱাহাটী আইআইটিত পৰিবেশ বিজ্ঞান গবেষণাৰ অধ্যয়নৰত ছাত্ৰী।

উদাৰতা নগাঁও আমোলাপট্টিৰ নিবাসী বিভূতি ভট্টাচাৰ্য আৰু মামণি শৰ্মা ভট্টাচাৰ্যৰ একমাত্ৰ কন্যা।
- Log in to post comments
- 163 views
