
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুসহ অসমৰ ৩০ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। সেই অনুযায়ী আছুসহ ৩০ জনগোষ্টীয় সংগঠনে ৭ জানুৱাৰীত সমগ্ৰ অসমজুৰি দাহ কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬।
ঠিক একেদৰে ৮ জানুৱাৰীত আছুসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে আহ্বান জনাইছে ১১ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী। আনহাতে, ২৩ জানুৱাৰীত গুৱাহাটী মহানগৰীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া বজ্ৰ নিনাদ কাৰ্যসূচী।
এই কথা আজি জানিবলৈ দিয়ে আছুৰ সভাপতি দীপাংকৰ নাথ আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে। ইফালে এই ৮ জানুৱাৰীৰ বন্ধ কাৰ্যসূচীৰ পৰা জৰুৰী সেৱা, পৰীক্ষা আদি ৰেহাই দিয়াৰ কথাও জানিবলৈ দিয়ে আছুৰ সভাপতি দ্বীপাংকৰ নাথে।
গুৰুত্বপূৰ্ণ কথা এই যে আছুৰ ইতিহাসত বহু বছৰৰ মূৰত পুনৰ অসম বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।
- Log in to post comments
- 250 views