বিজেপিক ৰুধিবলৈ তৎপৰ ৰাজীৱ ভৱন ।

নৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলটোৰ জ্যেষ্ঠ নেতাসকলো আহি উপস্থিত হৈছেহি ৰাজীৱ ভৱনত ।

দলটোৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, নীলমণিসেন ডেকা, অকণ বৰা প্ৰমুখ্যে প্ৰায়সংখ্যক দলৰ নেতা আহি উপস্থিত হৈছে ৰাজীৱ ভৱনত ।

ইয়াৰ লগতে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানস বৰা, ববিতা শৰ্মা প্ৰমুখ্যে বহুসংখ্যক দলৰ কৰ্মী আহি উপস্থিত ৰাজীৱ ভৱনৰ চৌহদত ।

ইফালে প্ৰশাসনৰ ফালৰ পৰাও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।
মুঠৰ ওপৰত যুযুধান অৱস্থাত এতিয়া বিজেপি-কংগ্ৰেছ ৷
- Log in to post comments
 - 30 views
 
    
