দেৰগাৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা

A

 

নিউজ ডেস্ক:

দেৰগাঁৱৰ বালিজানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। 
টিলিঙা মন্দিৰলৈ গৈ থকাৰ সময়তে আলট্ৰা বাছ আৰু কয়লা ভৰ্তি টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোত  নিহত হয় শিশুসহ  ১২জনকৈ লোক। বুধবাৰে পুৱতি নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত আহতৰ সংখ্যা প্ৰায় ৪০জন ৷প্ৰচণ্ড কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰিছে। আহত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Your Comments

Related Articles