সূৰ্যৰ বুকুত সৃষ্টি হৈছে Solar Coronal Hole

 A

নিউজ ডেস্ক:
সূৰ্যত ৮ লাখ কিলোমিটাৰ ব্যাসৰ এটা প্ৰচণ্ড গাঁতৰ সৃষ্টি হৈছে, যাক বৈজ্ঞানিকে‌ নাম দিছে solar Coronal hole. এই গাঁতটো নাচাই দেখা পাই ২ ডিচেম্বৰ ২০২৩ তাৰিখে।এই গাঁতটো ইমানেই বৃহৎ যে, তাত ৬০ খন পৃথিৱী অনায়াসে সুমাই যাব।
    নাচাই প্ৰকাশ কৰা এই তথ্য আৰু ফটোয়ে বিশ্বৰ বৈজ্ঞানিকক চিন্তাত পেলাইছে। এই Coronal hole ৰ অংশটো সূৰ্যৰ আন অংশতকৈ চেঁচা হয় আৰু তাত প্লাজমাৰ ঘনত্ব কম। এয়া electro magnetic field ৰ লগত জড়িত ঘটনা, ইয়াৰ ফলত সূৰ্যৰ পৰা 1.8 million mph বেগত সূৰ্য ধুমুহা পৃথিৱীলৈ ব'ব পাৰে। সূৰ্যত সংঘটিত এই অস্বাভাৱিক ঘটনাক লৈ বিশ্ব উদ্বিগ্ন। সূৰ্যৰ বুকুৰ এই বৃহৎ গহ্বৰটোত অহৰহ চকু ৰাখিছে, বিশ্বৰ মহাকাশ বৈজ্ঞানিক সকলে।
(উৎপল শিৱমৰ পেজৰ পৰা )

Your Comments

Related Articles