ব্ৰহ্মপুত্ৰ বৰ্ডৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ

 A

 

B

নিউজ ডেস্ক:

 অসমস্থিত সকলো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ অনুষ্ঠান প্ৰতিষ্ঠান সমূহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সমূহ পদত ১০০ শতাংশ থলুৱা খিলঞ্জীয়া যুৱক-যুৱতীৰ নিয়োগ সুনিশ্চিত কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা সামাজিক সংগ্ৰাম অব্যাহত ৰাখিছে। ইয়াৰ মাজতে সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰ তথা  বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বী সহিতে এক অসম বিৰোধী চক্ৰই প্ৰতিটো ক্ষণতে সক্ৰিয় ভাৱে বিভিন্ন ষড়যন্ত্ৰ কৰি অহা পৰিলক্ষিত হৈছে।
  শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ বৰ্ডত ৩২ জন বহিঃৰাজ্যৰ প্ৰাৰ্থীক অসমত নিযুক্তি দি পুনৰ এবাৰ থলুৱা খিলঞ্জীয়া যুৱক-যুৱতীক বঞ্চিত কৰি এই চক্ৰই অসম বিৰোধী অৱস্থান লোৱা দেখা গৈছে। বৰ্তমান অসমত পঞ্জীয়ন ভুক্ত হৈ থকা নিবনুৱাৰ সংখ্যা প্ৰায় ১৭ লক্ষ, অ সংগঠিত ৰূপত থকা আৰু লক্ষ লক্ষ নিবনুৱাৰ আৰ্থিক দিশত তথৈবচ আৰু পানীত হাঁহ নচৰা অৱস্থা।  যিহেতু অসম চৰকাৰে উদ্যোগীকৰণৰ ক্ষেত্ৰত এতিয়াও আগবাঢ়িব পৰা নাই আৰু নতুন দিগন্তৰ সূচনা কৰাত ব্যৰ্থ, অসম চৰকাৰৰ ফালৰ পৰা ১ লক্ষ নিবনুৱাক নিযুক্তি দিয়াৰ কথা বাৰে বাৰে উল্লেখ কৰিছে ৷ 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এনেধৰণৰ নিযুক্তি কোনোপধ্যেই মানি নলয়। এই নিযুক্তি প্ৰক্ৰিয়া অতিশীঘ্ৰে বাতিল কৰি অসমৰ থলুৱা খিলঞ্জীয়া যুৱক-যুৱতী তথা প্ৰাৰ্থী সকলক অগ্ৰাধিকাৰ দি নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰি নতুন নিযুক্তিৰ দাবী উত্থাপনৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰী পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক শ্ৰী ৰাতুল বৰগোহাঁই স্বাক্ষৰিত এক স্মাৰক পত্ৰ আজি ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষৰ কাৰ্যাল য়ত সংলগ্ন বিভাগীয় কৰ্তৃপক্ষৰ হাতত কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা যোৱা এক সজাতি দলে প্ৰদান কৰে।

যুগে যুগে প্ৰতাৰিত আৰু বঞ্চিত হৈ অহা খিলঞ্জীয়া যুৱক-যুৱতী সকলৰ ভবিষ্যত জীৱনক লৈ আৰু হেতালি খেলিব দিয়া নহ'ব, এই নিযুক্তি বাতিল হ'বই লগিব অন্যথা অসমৰ প্ৰত্যেক গৰাকী প্ৰতাৰিত নিবনুৱাৰ স্বাৰ্থত ৰাজপথত এক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পোষকতা কৰা হ'ব বুলি ঘোষণা কৰে।

 

Your Comments

Related Articles