অভিনয় নহয় জীৱন ৷ ছবি নহয় বাস্তৱ ৷ কাহিনী নহয় মাটিৰে সংস্পৰ্শিত জীৱন গাথা ৷ ইয়াত নাই কোনো কাহিনীকাৰ- প্ৰকৃতিৰ নিৰ্লোভ পৰিঘটনাই নিজে একোটা কাহিনী ৷ অভিনেতা নহয়, একোটা প্ৰাকৃতিক উপাদান; বাস্তৱৰ মূৰ্ত প্ৰকাশ ৷
পৰিচালকো ইয়াত নাই, সুন্দৰ আৰু সত্যৰ স্বপৰিচালিত এক জীৱন সংগীত ৷ যি সংগীতৰ কথা-সুৰ প্ৰকৃতি নিজে, বাহ্যিক হস্তক্ষেপৰ তাত কোনো প্ৰয়োজনেই নাই ৷ হয়, এই অৱতাৰণা বহুল চৰ্চিত শেহতীয়া অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ বাবে ৷
ইতিমধ্যে সীমাৰ পৰিধি ভেদ কৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা ৰিমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ ছবিখনৰ প্ৰিমিয়াৰ উপভোগ কৰি লাভ কৰা এয়া অকৃত্ৰিম অনুভৱ ৷ প্ৰথমেই এটা কথা উল্লেখ কৰোঁ, আমি কোনো চলচ্চিত্ৰ সমালোচক বা বিশ্লেষক নহয় ৷
এগৰাকী সাধাৰণ দৰ্শক হিচাপে ছবিখনত লাভ কৰা অসাধাৰণ অনুভূতিৰহে অকৃপণ প্ৰকাশ কৰিব বিচাৰিছোঁ ৷
বহু প্ৰতীক্ষিত ভিলেজ ৰকষ্টাৰ্ছ ছবিখন উপভোগ কৰি সঁচাকৈয়ে অভিভূত হ'লোঁ ৷ এগৰাকী মাটিৰ লগত সংস্পৰ্শিত ব্যক্তিৰ বাবে ভিলেজ ৰকষ্টাৰ্ছ এনে এক উপস্থাপন, যাক কেৱল এখন ছবিৰ শাৰীতে ৰাখিব নোৱাৰি ৷
সাধাৰণতে ছবিৰ কাহিনী আৰু পৰিচালকৰ নিৰ্দেশনাই ছবি এখন আগবঢ়াই নিয়ে ৷ কিন্তু ভিলেজ ৰকষ্টাৰ্ছ তাৰ এক সম্পূৰ্ণ ব্যতিক্ৰম ৷ ইয়াত চৰিত্ৰই কথা কোৱা নাই বা মুখত শক্তিশালী ডায়লগ নাই ৷
কিন্তু প্ৰতিটো চৰিত্ৰৰ পৰা এনে ধৰণৰ বাৰ্তা নিগৰিত হৈছে যাক হৃদয়ংগম পাৰিলে দেহ-মনত শিহৰণ জাগে ৷ চৰিত্ৰ নহয় যেন একো একোটা প্ৰাকৃতিক উপাদান ৷ নাই তাত পৰিচালকৰ হস্তক্ষেপ, নিজে নিজেই প্ৰকাশিত হৈছে চৰিত্ৰসমূহৰ ভাবাৱেগ ৷
সুচতুৰ আৰু বিচক্ষণতাৰে পৰিচালকে ছবিৰ কাহিনী আগবাঢ়িব দিছে, আগবঢ়াই নিয়া নাই ৷ ইমান সৰল আৰু মুক্তভাৱে ছবিৰ কাহিনী আগবাঢ়ি যোৱাটো পৰিচালকৰ উৰ্বৰ মস্তিষ্ক আৰু দূৰদৰ্শিতাৰ পৰিচায়ক ৷
প্ৰতিটো মুহূৰ্ততে উৎকণ্ঠাৰে পৰৱৰ্তী মুহূৰ্তলৈ দৰ্শকক উৎসুক কৰিব পৰাটোও পৰিচালকৰ কৰ্ম নিপুণতাৰ আন এক নিদৰ্শন ৷ যাৰবাবে হয়তো ছবিৰ কাহিনী আগবাঢ়ি থাকোঁতে ছবিঘৰত কাঁহ পৰি জীণ যোৱা অৱস্থা ৷
পৰিৱেশ আৰু চৰিত্ৰৰ মাজত ইমান গভীৰভাৱে দৰ্শকক নিমজ্জিত কৰিব পৰাটোও পৰিচালকৰ আন এক কৃতিত্ব ৷ সূক্ষ্ম সূক্ষ্ম চলচ্চিত্ৰৰ উপাদানৰ ওপৰত গভীৰ মনোযোগ প্ৰদান কৰি পৰিচালকে ছবিখনক দিছে এক অনন্য মাত্ৰা ৷
কোনো অত্যাধুনিক কলা-কৌশল, সা-সুবিধাৰ অবিহনেও যে এখন উন্নত কলাত্মক আৰু মননশীল ছবি নিৰ্মাণ কৰিব পাৰি সেয়া ভিলেজ ৰকষ্টাৰ্ছ অন্যতম উদাহৰণ ৷ ৰিমা দাসে এই ক্ষেত্ৰত নবীন ছবি নিৰ্মাতাসকলৰ বাবে এক শুভবাৰ্তাও প্ৰেৰণ কৰিছে ৷
পৰিচালকৰ সম্পূৰ্ণ সততা, নিষ্ঠা, একাগ্ৰতা আৰু কঠোৰ অনুশীলন এই ছবিখনৰ জৰিয়তে প্ৰকাশ পাইছে ৷ যাৰবাবেই হয়তো ছবিখন সম্পূৰ্ণ কৰিবলৈ সুদীৰ্ঘ ৪টা বছৰ প্ৰয়োজন হ'ল ৷ চিনেমেটিক ভাষাত কি কয় নাজানো, কিন্তু এজন সাধাৰণ দৰ্শক হিচাপে ভিলেজ ৰকষ্টাৰ্ছক অভিহিত কৰিব বিচাৰিছোঁ এখন 'প্ৰাকৃতিক ছবি' হিচাপে ৷ ইয়াত সংগীত, সুৰ, বাদ্য, কথা, ডায়লগ, চিত্ৰ, পৰিচালনা, পৰিৱেশন, উপস্থাপন, কাহিনী, চিত্ৰনাট্য, চিত্ৰপট- সকলো প্ৰাকৃতিক ৷
সকলো দিশ প্ৰাকৃতিকভাৱে আগবঢ়াই নিয়াটো ইমান সহজ কথা নহয়, যিটো ৰিমা দাসে কৰি দেখুৱাইছে ৷ ইয়াত নাই কোনো অদ্ভূত কাৰুকাৰ্য, কষ্টিউম-মেকআপ, নাই কাণ তালমৰা সংগীত ; যিটো আমি সাধাৰণতে ছবিবোৰত উপভোগ কৰো ৷
তথাপি এইখন এনে এখন ছবি, যিখন ছবিত সকলোৰে যেন পূৰ্ণ পয়োভৰ ৷ কোটি কোটি টকাৰ বাজেটৰ বিপৰীতে সীমিত বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে সেয়ে হয়তো উপযুক্তভাৱেই অস্কাৰৰ মনোনয়নৰ দৌৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিছে ৷
এই ক্ষেত্ৰত নিৰ্বাচকসকলেও উপলব্ধি কৰিছে ছবিখনৰ অন্তৰ্নিহিত ভাবাৰ্থ ৷ অৱশ্যে এটা কথা ঠিক সাধাৰণ অৰ্থত যদি ছবি চোৱাৰ ভাবেৰে ছবিখন উপভোগ কৰিব যায়, তেতিয়াহ'লে আপুনি হয়তো ইয়াত একো চিনেমেটিক ৰস বিচাৰি নাপাবও পাৰে ৷
পূৰ্বতেই উল্লেখ কৰিছোঁ, মাটিৰ লগত স্পৰ্শিত প্ৰতিগৰাকীয়ে ব্যক্তিয়েই এই ছবিৰ মৰ্মাৰ্থ উপলব্ধি কৰিব পাৰিব, চিত্তাকৰ্ষণ কৰিব ৷
সৰলমনা শিশুৰ হেঁপাহ, প্ৰকৃতিত লালিত-পালিত হোৱাসকলৰ প্ৰাকৃতিক সংস্পৰ্শ, গ্ৰাম্য জীৱনৰ সুখ-দুখ, পোৱা-নোপোৱা, ঘাত-প্ৰতিঘাতৰ জীৱন্ত ছবি, মাতৃস্নেহ, নাৰী সবলীকৰণ, শৈশৱ-কৈশোৰ-যৌৱনৰ দোমোজা, সামাজিক ৰীতি-নীতি-পৰম্পৰা, গ্ৰাম্য সমাজ-অৰ্থনীতি-আন্তঃগাঁথনি, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল জীৱন সংগ্ৰাম আদি বহুকেইটা দিশ ছবিখনৰ জৰিয়তে প্ৰকাশ পাইছে ৷
প্ৰতিটো দৃশ্যৰ প্ৰাকৃতিক চিত্ৰগ্ৰহণৰ বাবে সেই নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰা, প্ৰাকৃতিক সংগীত ব্যৱহাৰৰ জৰিয়তে সুকীয়া মাদকতা সৃষ্টি কৰা আদি দিশবোৰৰ কাৰণে ৰিমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ প্ৰকৃততে ৰকষ্টাৰ, অদ্বিতীয় ৷
এটা সম্পূৰ্ণ দলীয় প্ৰচেষ্টাৰ ফচল এই ছবিখন ৷ ছবিৰ কাহিনী ইতিমধ্যে আপোনালোকে জানেই ৷ তাক পুনৰাবৃত্তি কৰিব বিচৰা নাই ৷ এটা অতি সৰল-সহজ কাহিনীক এক কলাত্মক দিশ প্ৰদানত ৰিমা দাস এশ শতাংশই সফল বুলিব পাৰি ৷
অভিনয় শিল্পীসকলৰ জড়তাহীন, সৰল, নিভাঁজ, স্বতঃস্ফূৰ্ত অভিনয় ছবিখনৰ আন এক যোগাত্মক দিশ ৷
ছবিখন সম্পৰ্কত সমালোচনা কৰা বা নেতিবাচক দিশ বিচাৰি উলিওৱাৰ ধৃষ্টতা আমাৰ নাই ৷ তথাপি দুটামান দিশ আঙুলিয়াই নিদিলে এই লেখা আধৰুৱা হ'ব ৷ প্ৰথম কথা হ'ল, শব্দ গ্ৰহণৰ ক্ষেত্ৰত ৰিমা দাস আৰু অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছিল বা উন্নত কৰাৰ থল আছিল ৷
কিয়নো কোনো ক্ষেত্ৰত ছবিখনৰ শব্দ ইমানেই অস্পষ্ট যে তাক শুনিবলৈ অসুবিধা হয় ৷ কেৱল ইংৰাজী 'ছাব টাইটেল' পঢ়িহে চৰিত্ৰই কোৱা কথা উপলব্ধি কৰিব পাৰি ৷ আনহাতে, দুই-এটা দৃশ্যত অলপ জাঁপ পাৰি যোৱা যেনো অনুভৱ হয় ৷
যদিও অতি সীমিত পৰিসৰৰ সা-সুবিধা তথা কম ক্ষমতাসম্পন্ন কেমেৰাৰে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে, তথাপি তাত সম্পাদনাৰ আৰু অলপ প্ৰয়োজন আছিল যেন অনুভৱ হয় ৷ একেদৰে ছবিখনৰ সমাপ্তিও অলপ খৰতকীয়া হোৱা যেন অনুভৱ হয় ৷
এইকেইটা দিশত আৰু অলপ যদি উন্নয়ন সাধিব পৰা গ'লহেঁতেন, নিশ্চিতভাৱে ছবিখনৰ ঋণাত্মক সমালোচনাৰ কোনো সুৰুঙাই নাথাকিলহেঁতেন ৷
যি কি নহওক, অসমীয়া ছবি জগতৰ বাবে এক নতুন যুগৰ সৃষ্টি কৰা ভিলেজ ৰকষ্টাৰ্ছে অস্কাৰৰ বাবে মনোনয়ন লাভ কৰাই নহয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান আঁজুৰি আনি ভাৰতীয় তথা অসমীয়া ছবি জগতত এক নতুন অধ্যায়ৰ সূচনা কৰক, তাৰেই কামনা কৰিলোঁ ৷
লগতে দৰ্শকসকলক ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰি ইয়াৰ মাদকতা লভিবলৈও আহ্বান জনালোঁ ৷ ৰিমা দাসৰ পৰা ভৱিষ্যতে ইয়াতকৈ অধিক উন্নতমানৰ ছবি আশা কৰি তেওঁৰ লগতে ছবিখনৰ শিল্পী, কলা-কুশলী তথা ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
- Log in to post comments
- 601 views