২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

অসমৰ সুগন্ধি নগৰীৰূপে খ্যাত হোজাই জিলাৰ ঐতিহাসিক স্থান নীলবাগানত তিনিটা দশক অতিক্ৰম কৰা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ মধ্যকালীন নীলবাগান অধিবেশনখনি অহা ২৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন হ'ব ।

২৯ ছেপ্টেম্বৰত গছপুলি ৰোপণ, মুখ্য তোৰণ উন্মোচন, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, প্ৰতিনিধি শিবিৰ মুকলি কাৰ্যসূচীৰ অন্তত ১২ বজাত অনুষ্ঠিত হ'ব যতীন্দ্ৰ কুমাৰ বৰগোহাঞি সোঁৱৰণি গ্ৰন্থ উন্মোচনী সভা ।

২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াৰ সভাপতিত্বত সভাখন উন্মোচন কৰিব কমলজ্যোতি গগৈয়ে । ডঃ পৰাণ বৰুৱা, বিপুল দেউৰী, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, ডঃ মামুন আজম বৰভূঞা, ডঃ বিমান কুমাৰ ভট্ট, অমৰজিৎ সিংভূঁই, প্ৰশান্ত পূজাৰী আৰু জ্যোতিপ্ৰসাদ বৰা প্ৰমুখ্যে বিশিষ্ট অতিথিসকল উপস্থিত থাকিবলগা সভাখনৰ পাছতেই বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব পংকজ দত্ত সোঁৱৰণি সতীৰ্থ কবি সন্মিলন ।

সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক দেৱজিত কুমাৰ দত্তই উদ্বোধন কৰিবলগা আৰু অশোক দাস, হেমনাৰায়ণ দত্তই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিবলগা সভাখন সঞ্চালনা কৰিব বিশিষ্ট কবি তথা নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই ।

২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

৪.৩০ বজাত হোজাই জিলা কবি সন্মিলনৰ মুখ্য উপদেষ্টা আতৰ আলী চৌধুৰীয়ে উদ্বোধন কৰিবলগা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পাছতেই নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব গৰ্গমোহন দাস আৰু জ্যোতিৰঞ্জন নাথে ।

৩০ ছেপ্টেম্বৰৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আৰু ১০ বজাত কবিতাৰ সমদল যাত্ৰা কাৰ্যসূচীৰ পাছতেই ১ বজাত অনুষ্ঠিত হ'ব থানেশ্বৰ গোস্বামী সোঁৱৰণি আজীৱন/হিতৈষী/সন্মানীয়/বিশেষ সদস্য সন্মিলন ।

সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক গংগামোহন মিলিয়ে উদ্বোধন আৰু হৰেণ গগৈয়ে সঞ্চালনা কৰিবলগা সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ । ৩ বজাত ভাষাবিদ ডঃ বেণু গগৈ সোঁৱৰণি "কাব্যচিন্তন" অনুষ্ঠান ।

ডঃ ৰুবী বৰাৰ সঞ্চালনাত সন্মিলনৰ প্ৰাক্তন সভাপতি জুলিয়ানা বেগমে উদ্বোধন কৰিবলগা সভাখনত আলোচকৰূপে উপস্থিত থাকিব ডঃ জ্যোতিৰেখা হাজৰিকা । ৪ বজাত আদৰণী সমিতিৰ মুখ্য সম্পাদক ৰাজীৱ হোছেইনে আদৰণী ভাষণ প্ৰদান কৰিবলগা প্ৰথম প্ৰতিনিধি সভা উদ্বোধন কৰিব ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই ।

২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

৫ বজাত চুজাউদ্দিন আহমেদ সোঁৱৰণি জনগোষ্ঠীয় কবি সন্মিলন উদ্বোধন কৰিব উৎপল দলেই আৰু সঞ্চালনা কৰিব সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ মাণিক শইকীয়াই । হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰিবলগা কবি সন্মিলনৰ পাছতেই নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মৃদুস্মিতা শইকীয়া, আনোৱাৰ হোছেইন আৰু ফৰিদা ফাৰহানা আহমেদে ।

১ অক্টোবৰৰ কাৰ্যসূচী গছপুলি ৰোপণ, প্ৰতিনিধি সভাৰ পাছতেই দ্বিতীয় মঞ্চত ১০.২০ বজাত অনুষ্ঠিত হ'বলগা কবিতা আবৃত্তি অনুষ্ঠান সঞ্চালনা কৰিব সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই আৰু উদ্বোধন কৰিব অনুপ কুমাৰ বৰঠাকুৰে ।

অনুজ শৰ্মাই বিশিষ্ট অতিথিৰূপে থাকিবলগা অনুষ্ঠানটোৰ পাছতেই তৰুণ কোঁৱৰ সোঁৱৰণি যুৱ কবি সন্মিলন "কাব্যচৰ্চা" অনুষ্ঠিত হ'ব । হোজাই জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক জমিৰুদ্দিন তালুকদাৰে আদৰণী ভাষণ প্ৰদান কৰিবলগা কবি সন্মিলনখন সঞ্চালনা কৰিব সন্মিলনৰ প্ৰাক্তন সম্পাদক পৰাগজ্যোতি মহন্তই আৰু উদ্বোধন কৰিব বিশিষ্ট কবি ডঃ অজিত ভঁৰালীয়ে ।

২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

১ বজাত সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই সভাপতিত্ব কৰিবলগা মুকলি সভা উদ্বোধন কৰিব হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে আৰু মুখ্য অতিথিৰূপে আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক অধ্যাপক কাঞ্জীভাই পেটেল থাকিবলগা সভাত আদৰণী ভাষণ প্ৰদান কৰিব আদৰণী সমিতিৰ সভাপতি ডঃ হাচিনুছ চুলতানে ।

উক্ত সভাতেই অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সন্মানীয় অতিথি আৰু আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম লেখিকা সন্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্য, বিশিষ্ট সমাজসেৱক আলহাজ মোস্তাক আনফৰে আমন্ত্ৰিত অতিথিৰূপে, প্ৰেম গগৈ, জুলিয়ানা বেগম, আনিছ উজ জামান, ডঃ মাণিক শইকীয়া আৰু সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদকসকলে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ।

বিয়লি ৪.৩০ বজাত ডঃ স্বাধীনতা মহন্তৰ সঞ্চালনাত কাব্য-নন্দিনী শীৰ্ষক মহিলা কবিৰ কবিতা পাঠৰ অনুষ্ঠান । গুজৰাটৰ বিশিষ্ট লেখিকা ডঃ ৰূপালী বুৰ্কেই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিবলগা অনুষ্ঠনটি উদ্বোধন কৰিব নীলাক্ষী চলিহা গগৈয়ে আৰু আদৰণী ভাষণ প্ৰদান কৰিব মিনতি দেৱী কাকতিয়ে । বিশিষ্ট কবি দেৱৰাজ মিলিয়ে উদ্বোধন কৰিবলগা ৬.৩০ বজাৰ স্থানীয় কবিৰ কবিতা পাঠৰ অনুষ্ঠান সঞ্চালনা কৰিব ৰাজীৱ হুছেইনে ।

২৯ ছেপ্টেম্বৰৰ পৰা নীলবাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰূপ পাঠক আৰু বিশিষ্ট সমাজকৰ্মী আনোৱাৰ হুছেইনে । ২ অক্টোবৰৰ অন্তিম দিনৰ কাৰ্যসূচীত গছপুলি ৰোপণ, চৌহদ পৰিষ্কাৰ,  ১০ বজাত অন্তৰংগ আলাপৰ পাছতেই ১১ বজাত নীলকান্ত শইকীয়াৰ সভাপতিত্বত সভাপতি/সম্পাদক সন্মিলন ।

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য গীতা দাসে উদ্বোধন কৰিবলগা সভাখনিত আদৰণী ভাষণ প্ৰদান কৰিব আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ফাইজ আহমদ বৰভূঞাই ।

বিয়লি ২ বজাত সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে উদ্বোধন কৰিবলগা কাব্য-আলোচনা সভাত মুখ্য অতিথিৰূপে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা, নিৰ্দিষ্ট বক্তাৰূপে বিশিষ্ট কবি সমীৰ তাঁতী আৰু বিশিষ্ট অতিথিৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান উপস্থিত থাকিব ।

৫.৩০ বজাত বিশিষ্ট কবি মনজিৎ সিঙৰ সঞ্চালনাত আমন্ত্ৰিত কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি প্ৰয়াগ শইকীয়াই । ডঃ হাচিনুছ চুলতানে আদৰণী ভাষণ প্ৰদান কৰিবলগা কবি সন্মিলনখনিত ৰাজ্যখনৰ চৌৰাল্লিশগৰাকী আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰিব ।

ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মাই উদ্বোধন কৰিবলগা নিশাৰ সাংস্কৃতিক অনুষ্ঠানেৰে সদৌ অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশনৰ সামৰণি পৰিব । সকলো কাৰ্যসূচীত কবি আৰু কবিতাৰ অনুৰাগী অসমৰ সমূহ ৰাইজৰ উপস্থিতি সদৌ অসম কবি সন্মিলন আৰু মধ্যকালীন নীলবাগান অধিবেশনৰ আদৰণী সমিতিয়ে কামনা কৰিছে ।


 

Your Comments