
নিউজ ডেস্ক:
প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ সংবাদমেল।“গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত একাংশ ন্যস্ত স্বাৰ্থৰ ব্যক্তিয়ে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে।নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বিসংগতি প্ৰসংগত কোনো ধৰণৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নাই।৫১১টা পদৰ নিযুক্তি প্ৰক্রিয়াত প্ৰতিবন্ধী সুৰক্ষা সন্থাই কোনো বাধা প্ৰদান কৰা নাই।ৰাইজ বিভ্ৰান্ত নহ’ব, তথ্যহীন ভাৱে অপ্ৰপচাৰত লিপ্ত হৈছে একাংশ ব্যক্তি”- এই মন্তব্য সন্থাৰ সাধাৰণ সম্পাদক নিপেন মালাকাৰৰ।
ইফালে আসোঁৱাহপূৰ্ণ ফলাফল শুদ্ধ কৰি শীঘ্ৰে ঘোষণা কৰাৰ দাবী জনাই দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদমেলত মালাকাৰে কয়- গুৱাহাটী বিশ্ববিদ্যালয়ে ৫১১টা পদৰ নিযুক্তি মৌখিক পৰীক্ষাত নিৰ্ধাৰিত নম্বৰতকৈ অধিক নম্বৰ প্ৰদান কৰিছে।মৌখিক পৰীক্ষাত সৰ্বাধিক ৯টা প্ৰশ্নৰ বিপৰীতে নিৰ্ধাৰণ হৈছিল ৯নম্বৰ।কিন্তু ৰহস্যজনক ভাৱে ৩৭গৰাকী প্ৰাৰ্থীয়ে ১২-১৩-১৪ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।একেদৰে পইণ্টত নম্বৰ নথকা পিছতো প্ৰায় ৭০০গৰাকী প্ৰাৰ্থীয়ে পইণ্টত লাভ কৰিছে নম্বৰ ৷
গুৰুত্বপূৰ্ণ কথা এই যে, নম্বৰ নিৰ্দিষ্ট কৰি দিয়াৰ পিছতো কিদৰে অধিক নম্বৰ প্ৰদান কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে সেইয়া ৰহস্যজনক কথা।আসোঁৱাহ দূৰ কৰি পুনৰ ফলাফল ঘোষণা কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনায়।উল্লেখ্য যে ৫১১টা পদৰ বাবে ২০২১চনত অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল চলিত বৰ্ষত।
- Log in to post comments
- 9 views