মধ্যপ্ৰদেশত বিজেপিৰ জনসমৰ্থনত খহনীয়া : শিলগুটিৰে অভ্যৰ্থনা মুখ্য মন্ত্ৰীক

মধ্যপ্ৰদেশত বিজেপিৰ জনসমৰ্থনত খহনীয়া : শিলগুটিৰে অভ্যৰ্থনা মুখ্য মন্ত্ৰীক

মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন সমাগত ৷ কিন্তু এই নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত জনসাধাৰণৰ মাজত ব্যাপকভাৱে অপ্ৰিয় হৈ পৰা মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান নিৰ্বাচনী প্ৰচাৰলৈ গৈ ঠায়ে ঠায়ে শিলগুটিৰে অভ্যৰ্থনাৰ সন্মুখীন হ’লগীয়া হৈছে ৷

চলিত মাহতেই কমেও দুবাৰকৈ জনতাৰ দ্বাৰা এইধৰণৰ আক্ৰমণৰ সন্মুখীন হৈছে মুখ্য মন্ত্ৰী চৌহান ৷ হাইটেক এখন বিলাসী বাছসহ বিশাল কনভয় লৈ মুখ্য মন্ত্ৰী চৌহানে নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি হিচাপে বুধবাৰে ৰাজ্যখনৰ ৰটলাম জিলাত ‘জন আশীৰ্বাদ’ যাত্ৰা আৰম্ভ কৰিছিল ৷

কিন্তু জিলাখনৰ ঠায়ে ঠায়ে বিক্ষুব্ধ জনতাই মুখ্য মন্ত্ৰীৰ কনভয়ক লক্ষ্য কৰি শিলগুটি দলিয়ায় ৷ এই আক্ৰমণত মুখ্য মন্ত্ৰী চৌহান কথমপি ৰক্ষা পৰে যদিও দুজন আৰক্ষী গুৰুতৰভাৱে আহত হয় ৷

ইতিপূৰ্বে যোৱা ২ ছেপ্টেম্বৰতো ছাধি জিলাৰ পটপাৰা গাঁৱত মুখ্য মন্ত্ৰী চৌহানে উলিওৱা এক সমদলতো স্থানীয় জনতাই জোতা, ইটা আৰু শিলগুটি দলিয়াই আক্ৰমণ কৰিছিল ৷ প্ৰাপ্ত বাতৰি মতে, বুধবাৰে বিশাল কনভয় লৈ মুখ্য মন্ত্ৰী চৌহানে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে ৷

কিন্তু সেই কনভয় ৰটলাম জিলাৰ কালুখেদি এলেকা পোৱাৰ লগে লগেই স্থানীয় জনতাই ইটা আৰু শিলগুটি দলিয়াই মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে ক্ৰোধ উজাৰি দিয়ে ৷ এই ঘটনাত দুজন আৰক্ষী লোক আহত হোৱাৰ উপৰি আৰক্ষীৰ তিনিখন গাড়ীও বিনষ্ট হয় ৷

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী ভূপেন্দ্ৰ সিঙে অনতি পলমে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ৷ আৰক্ষীয়ে আক্ৰমণৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰটনাম জিলাৰ তাল, বাৰ খেদাকালা, সাহিদপুৰ ৰোড, খাচ ৰোড আদিকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ গাঁওবিলাকত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে একেৰাহে তিনিবাৰকৈ ৰাজ্যখনৰ শাসন ক্ষমতাত থকা ভাৰতীয় জনতা পাৰ্টী আৰু মুখ্য মন্ত্ৰী চৌহানৰ জনপ্ৰিয়তা ব্যাপকভাৱে হ্ৰাস পাইছে ৷ শাসক দলৰ নেতাসকল ৰাজ্যখনৰ য'লৈকে গৈছে তাতেই জনতাই স্বতস্ফূৰ্তভাৱে প্ৰতিবাদ জনাইছে আৰু ক্ষোভ উজাৰি আছে ৷

নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত জনসমৰ্থনৰ ভেটি থৰকবৰক হৈ পৰাত শাসক দল বিজেপি প্ৰচণ্ড আতংকিত হৈ পৰিছে ৷ ইফালে মুখ্য মন্ত্ৰীৰ কনভয়ৰ ওপৰত বাৰে বাৰে হোৱা এইধৰণৰ আক্ৰমণৰ ঘটনাক কংগ্ৰেছ দলে গৰিহণা দিছে ৷

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথে অৱশ্যে লগতে কয়, ‘ৰাজ্যখনৰ বহু ঠাইত জনসাধাৰণ বিজেপিৰ প্ৰতি ক্ষুব্ধ হৈ আছে ৷ চৌহানৰ চৰকাৰখনে জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিব পৰা নাই ৷’

আনহাতে, শাসক দলে মুখ্য মন্ত্ৰীৰ কনভয়ত আক্ৰমণৰ আঁৰত ‘কাৰণি সেনা’ৰ হাত থকা বুলি অভিযোগ কৰে ৷ লক্ষণীয় যে মধ্যপ্ৰদেশত শাসক দলৰ মাজত অন্তৰ্দ্বন্দ্বও তীব্ৰ হৈ পৰিছে ৷

ইফালে মধ্যপ্ৰদেশত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ নিৰ্মাণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ফটো থকা টাইল্‌ছ ব্যৱহাৰ অনতি পলমে বন্ধ কৰিবলৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে বুধবাৰে নিৰ্দেশ জাৰি কৰে ৷

ইতিমধ্যে আবাসবিলাকত লগোৱা এইধৰণৰ টাইল্‌ছ অপসাৰণৰ বাবেও নিৰ্দেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে ৷
    

Your Comments