
নিউজ ডেস্ক:
দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বদলি কৰিলে ৭গৰাকীকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক।জাননীৰ জৰিয়তে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গুপ্তাক পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰে।
মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ শিৱাংগনামক কলিকতা উচ্চ ন্যায়ালয়লৈ বদলি।একেদৰে হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ্বৰ ঠাকুৰক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰিছে।
পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি বি বজন্থীক।
ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মাক পাটনা উচ্চ ন্যায়ালয়লৈ বদলি।
তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ টি অমৰনাথ গৌড়ক ত্ৰিপুৰা উচ্চ ন্যায়ালয়লৈ বদলি।
ইয়াৰ উপৰিও এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চান্দক বদলি কৰা হৈছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়লৈ।
- Log in to post comments
- 16 views